Begin typing your search above and press return to search.

স্বাধীনতাৰ ৭০ বছৰৰ পাছত উৰিষ্যাৰ ৩০০০ গাঁওত বিদুৎ সংযোগ: নৰেন্দ্ৰ মোদী

স্বাধীনতাৰ ৭০ বছৰৰ পাছত উৰিষ্যাৰ ৩০০০ গাঁওত বিদুৎ সংযোগ: নৰেন্দ্ৰ মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 April 2019 10:24 AM GMT

উৰিষ্যাৰ কালাহান্দিত এক ৰেলীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে স্বাধীনতাৰ ৭০ বছৰৰ পাছত উৰিষ্যাৰ ৩০০০ খন গাঁওত বিদুৎ সংযোগ কৰা হৈছে ।

ৰেলীত অংশগ্ৰহণ কৰি লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় উৰিষ্যাৰ ২৪ লাখ লোকে বিনামূলীয়াকৈ বিদুৎ সংযোগৰ সুবিধা লাভ কৰিছে । এই উন্নয়ন মোদীৰ কাৰনে হোৱা নাই এই উন্নয়ন ভোটাৰ ৰাইজৰ কাৰনে হৈছে বুলি প্ৰকাশ কৰে মোদীয়ে । এই উন্নয়নৰ ভোটাৰ ৰাইজৰ কাৰনে সম্ভৱ হৈছে মোদীৰ কাৰনে নহয়, জনসাধাৰণ ভোটাৰ কাৰনেই আজি দুখীয়া সকলে তেওঁলোকৰ জীৱনত আশাৰ ৰেঙনি সঞ্চয় কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে ।

বিৰোধিক আক্ৰমণ কৰি মোদীয়ে প্ৰকাশ কৰে যে কংগ্ৰেছ আৰু বি জে ডিৰ দৰে ৰাজনৈতিক দলে জনসাধাৰণক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰে। সেয়েহে দুখীয়া সকল দুখীয়া হৈয়ে থাকে বুলি প্ৰকাশ কৰে ।

ৰাজ্য চৰকাৰৰ সহযোগ নোহোৱাকৈ প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ বাবে কাম গৈছে বুলি প্ৰকাশ কৰে। লগতে কেন্দ্ৰীয় আচনি সমুহৰ সুবিধা যাতে উৰিষ্যা বাসীয়ে লাভ কৰে তাৰ বাবে ব্যৱস্থা কৰিছে বুলি প্ৰকাশ কৰে ।

২০১৮ চনত ত্ৰিপুৰা আৰু ২০১৭ চনত উত্তৰ প্ৰদেশৰ ইতিহাস ৰচনাৰ কথা উল্লেখ কৰি উৰিষ্যাৰ জনসাধাৰণক বিজেপিক ভোট দিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

লগতে মোদীয়ে বিজেডিক সমালোচনা কৰি কয় যে বিজেডিয়ে উৰিষ্যা বাসীৰ ভোট নিশ্চিত বুলি ধৰি লৈছে। কিন্তু একো কাম নকৰাকৈ ভোট নিদিয়ে আৰু বৰ্তমান কামৰ খতিয়ান দিয়াৰ সময় বুলি প্ৰকাশ কৰে।

কালাহান্দিত প্ৰথম পৰ্যায়ত ভোট অনুষ্ঠিত হব ১১ এপ্ৰিলত । আৰু বিজেডিয়ে উৰিষ্যাৰ ১৪৭ খন আসনৰ ভিতৰত ১২০ খনে লাভ কৰিব বুলি প্ৰকাশ কৰিছে ।

উৰিষ্যাৰ ৰেলীত অংশগ্ৰহণ কৰাৰ পাছত বিহাৰৰ জামুই আৰু গায়া লোকসভা আসনৰ বাবে নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব ।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি