Begin typing your search above and press return to search.
স্বাস্থ্যজনিত কাৰনত নতুন চৰকাৰত থাকিব নোৱাৰিব বুলি মোদীলৈ পত্ৰ প্ৰেৰণ অৰুণ জেটলীৰ

আজি প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে স্বাস্থ্য জনিত কাৰনত নতুন কেবিনেটৰ কোনো পদৰ দায়িত্ব গ্ৰহণ কৰিব নোৱাৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰে । শপত গ্ৰহণৰ এদিনৰ পুৰ্বে অৰুণ জেটলীয়ে এই পত্ৰ খন প্ৰেৰণ কৰে। লগতে টুইটাৰতো প্ৰকাশ কৰে অৰুন জেটলীয়ে ।
অৰুন জেটলীয়ে প্ৰকাশ কৰে যে " মই আপোনাক আনুষ্ঠানিক ভাৱে অনুৰোধ জনাইছো যে স্বাস্থ্য জনিত কাৰনত মই নতুন চৰকাৰ খনৰ কোনো দায়িত্ব গ্ৰহণ কৰিব নোৱাৰিম" ।৬৬ বছৰীয়া অৰুন জেটলীয়ে লগতে কয় যে তেওঁ যোৱা ১৮ মাহ ধৰি গুৰুত্ব ৰোগত ভূগি আছে ।
অৰুণ জেটলী বিজেপি চৰকাৰৰ তিনি জনৰ এজন শীৰ্ষ নেতা আছিল । অৰুন জেটলীক যোৱা ২ সপ্তাহ কোনো ৰাজহুৱা স্থানত দেখা পোৱা নাছিল । ছছিয়েল মেডিয়া, ব্লগ আৰু মেছেনজাৰত অৰুন জেটলী সক্ৰিয় আছিল ।
অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি
Next Story