সৰুপথাৰৰ কন্যা বলীউদলৈ

সৰুপথাৰৰ কন্যা বলীউদলৈ
Published on

গান আৰু অভিনয়ৰ মাজেৰে বলীউদত খোজ পেলোৱাৰ সপোন দেখা নিহা দেৱ(নিকিতা)ৰ সপোন সঁচা হোৱাৰ পথত।গোলাঘাট জিলাৰ সৰুপথাৰৰ কন্যা নিহা দেৱৰ নতুন ছবি 'হীৰ' ছবি খন অতি সোনকালে মুক্তি পাব।ছবি খনত নিহাই গীত গোৱাৰ লগতে অতি সুন্দৰ ভাৱে অভিনয় কৰিবলৈ সক্ষম হৈছে।সুৰজিত সিং হৈছে ছবি খনৰ প্ৰযোজক হোৱাৰ লগতে টপ গ্ৰুপ অফ কোম্পানীৰ প্ৰতিষ্ঠাপক।টপ গ্ৰুপ অফ কোম্পানী এটা মিউজিক প্ৰদাক্টচন হাউচ।নিহাৰ গীতটি মুম্বাইতস্থিত এনজি ষ্টুডিঅ'ত ৰেকৰ্ডত কৰা হয়।নিহাই ইউটিউব চেনেলত গীতটি প্ৰকাশ কৰিছে লগতে সুৰজিত সিঙে নিহাৰ বাবে এইটো এটা ভাল সুযোগ প্ৰদান কৰিছে যাৰ জৰিয়তে নিহাই নিজৰ সপোন পূৰন কৰিব পাৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com