সৰ্বসাধাৰণক মাধমাৰ: আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সৰ্বসাধাৰণৰ মূৰত মাধমাৰ দি আকৌ বাঢ়িব বিদ্যুতৰ মাচুল । ৰাজ্যৰ শক্তি বিভাগে বিদ্যুৰ মাচুল বৃদ্ধিৰ কাৰণে চিন্তা চৰ্চা অব্যাহত ৰাখিছে ৷ ইফালে,এক বিশেষ সূত্ৰৰ অনুসৰি লোকচানৰ অজুহাত দেখুৱাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে ৯.৯ শতাংশলৈ ৷ সম্প্ৰতি,সৰ্ব সাধাৰণ জনসাধাৰণে প্ৰতি ইউনিটত ৭.৩৬ শতাংশকৈ মাচুল দি আহিছে ৷
কিন্তু বিদ্যুতৰ মাচুল বৃদ্ধিৰ লগে লগে, প্ৰতি ইউনিটত প্ৰায় ৭৪ পইচাকৈ বৃদ্ধি পাব ৷ উল্লেখ্য যে, সম্প্ৰতি,বিদ্যুৎ বিভাগত প্ৰায় ৫৯৮.৬৫ কোটি টকাৰ লোকচান হোৱাৰ কথা দোহাই দি গ্ৰাহকক মাধমাৰ দিছে শক্তি বিভাগে । ইফালে নিজে বিদ্যুৎ উৎপাদন কৰিব নোৱাৰাৰ বাবে কেন্দ্ৰীয় প্ৰকল্প তথা বহিঃৰাজ্যৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হৈছে চৰকাৰে ৷ কিন্তু ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ লগত সম্প্ৰতি বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰসংগত হতাশ হৈছে জনসাধাৰণ ৷
কাৰণ ৰাজ্যত লোড শ্বেডিঙে সততে জনসাধাৰণক জ্বলা কলা খুৱাই আহিছে ৷ ইয়াৰোপৰি সততে জনসাধাৰণক বিদুৎ বিভাগৰ বিভিন্ন ক্ষেত্ৰত হোৱা মইমতালিত অতীষ্ঠ হৈ আহিছে ৰাজ্যবাসী৷তেনে ক্ষেত্ৰত বিদুৎ বিভাগৰ মাচুল বৃদ্ধিৰ প্ৰসংগত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ।পৰিবৰ্তনৰ শ্ল’গানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ এইসমূহ পদক্ষেপে ৰাইজক হতাশাত পৰিণত কৰিছে ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি