Begin typing your search above and press return to search.

সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল তৃণমূল কংগেছৰ প্ৰতিনিধিৰ

সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল তৃণমূল কংগেছৰ প্ৰতিনিধিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:00 AM GMT

শিলচৰ আৰক্ষীয়ে অসমৰ এনআৰচি বুজ লবলৈ অহা তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলক কুম্ভীৰগ্ৰাম বিমান বন্দৰত আৱদ্ধ কৰি ৰখাৰ পাছত শুকুৰবাৰে পুৱা ৬ জন তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলৰ সদস্য কলিকতালৈ উভতি যায়

কলিকতাত উপস্থিত হৈ কলকাতা বিমানবন্দৰ আৰক্ষী থানাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পশ্চিমবংগৰ দুই সাংসদ ক্ৰমে মমতাবালা ঠাকুৰ আৰু কাকলি ঘোষ দস্তিদাৰে।

শিলচৰৰ কুম্ভিৰগ্ৰাম বিমান বন্দৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোক অবৈধভাৱে আবদ্ধ কৰি ৰখাৰ লগতে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ আনিছে সাংসদ দুজনে।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সচিব মমতা বেনাৰ্জীৰ প্ৰৰোচনাত এনআৰচি সন্দৰ্ভত আলোচনাৰ বাবে আহিছিল প্ৰতিনিধিৰ দলটো।

Next Story
চাকৰি