Begin typing your search above and press return to search.

সৰ্বানন্দ সোণোৱাল মন্ত্ৰী সভাই কৃষকৰ হিতৰ বাবে অনুমোদন জনালে নতুন আচনিত

সৰ্বানন্দ সোণোৱাল মন্ত্ৰী সভাই কৃষকৰ হিতৰ বাবে অনুমোদন জনালে নতুন আচনিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2018 9:35 AM GMT

সৰ্বানন্দ সোণোৱাল মন্ত্ৰী সভাই সোমবাৰে ৰাজ্যৰ কৃষক সকলৰ বাবে নতুন আচনিত অনুমোদন জনাইছে। সোমবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা বৈঠকত ঋণ পৰিষোধ আচনিৰ অধীনত কৃষক সকলৰ বাবে ২৫ শতাংশলৈকে ঋণ ক্ষমা কৰাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু এই ক্ষমা কৰা ঋণৰ পৰিমাণ ২৫০০০ টকাতকৈ অধিক হব নোৱাৰিব। বৈঠকৰ সময়ত আন এখন আচনিত অনুমোদত জনোৱা হয় এই আচনিৰ অধীনত কিষাণ ক্ৰেডিট কাৰ্ডৰ যোগেৰে ঋণ লোৱা কৃষক সকললৈ ১০০০০ টকালৈ চৰকাৰী সাহায্য প্ৰদান কৰা হব। কৃষি ঋণৰ ক্ষেত্ৰত ৪ শতাংশলৈ সুতৰ হাৰ ৰেহাই দিয়া ব্যৱস্থাৰে অন্য এখন আচনিতো ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। এই আচনিৰ অধীনত কৃষকে শূণ্য শতাংশ সুতৰ হাৰত শস্য লোন গ্ৰহণ কৰিব পাৰিব।

বিজেপি শাসিত ৰাজ্য সমূহত কৃষকে চৰকাৰৰ বিৰুদ্ধে কৰা আন্দোলনৰ পৰিণতিতে বিজেপিয়ে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত পৰাস্ত হোৱা বুলি অনুধাবন কৰিয়ে অসম চৰকাৰে কৃষকৰ বাবে এই আচনি সমূহ গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে। বৈঠকৰ অন্তত ৰাজ্যিক সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সাংবাদিকক কয় যে চৰকাৰে গ্ৰহণ কৰা এই আচনি সমূহৰ দ্বাৰা কৃষক সকল যথেষ্ট লাভাম্বিত হব আৰু কৃষকৰ আৰ্থিক দিশটো টনকিয়াল হলে শস্যৰ উৎপাদন বৃদ্ধি পাব। কেবিনেট বৈঠকত স্বাধীনতা সংগ্ৰামী সকলৰ পেন্সন বৃদ্ধি কৰাৰ বিষয়েও আলোচনা কৰা হয় আৰু স্বাধীনতা সংগ্ৰামী সকলৰ পেন্সন ২০০০০ টকাৰ পৰিবৰ্তে ২১০০০ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত নগাওঁৰ কাগজ কল মুকলি কৰাৰ বাবে আৰু ৰাজ্যত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ৩২.৭২ কৌটি টকা ঋণ গ্ৰহণ কৰাৰ বাবেওঁ আলোচনা কৰা হয়।

অসমত বৰ্তমান বিজেপি শাসিত চৰকাৰ চলি আছে আৰু এই চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সোণোৱাল আকৌ কেন্দ্ৰীয় চৰকাৰৰ অতি বিশ্বাসী মুখ্যমন্ত্ৰী। সদ্য সমাপ্ত পাচখন বিধান সভা নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শন ভাল নহয়, দলে হেৰুৱাব লগা হল মধ্যপ্ৰদেশ,ছত্তীশগড় আৰু ৰাজস্থান। এই তিনিওখন ৰাজ্যতে বিজেপি চৰকাৰৰ বিৰুদ্ধে কৃষক সকলে ঐক্যবদ্ধ আন্দোলন গঢ়ি তুলিছিল। কংগ্ৰেছে কৃষকৰ এই আন্দোলনৰ লাভালাভ আদায় কৰিছিল। অসমতো যাতে আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচত এনে কৃষক বিদ্ৰোহৰ জন্ম হব নোৱাৰে তাৰ বাবে সোণোৱাল চৰকাৰে আগতীয়াকৈ কৃষক সকলৰ বাবে কৃষি ঋণত অনুমোদন জনাই কৃষক সকলক সন্তুষ্ট কৰি ৰাখিব বিচাৰিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি