Begin typing your search above and press return to search.

হকী বিশ্বকাপত ভাৰতৰ হাতত ৫-০ গ'লত পৰাস্ত দক্ষিণ আফ্ৰিকা

হকী বিশ্বকাপত ভাৰতৰ হাতত ৫-০ গলত পৰাস্ত দক্ষিণ আফ্ৰিকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2018 10:33 AM GMT

ভূৱনেশ্বৰত আৰম্ভ হোৱা চতুৰ্দশ হকী বিশ্বকাপৰ এখন খেলত আয়োজক দল ভাৰতে দক্ষিণ আফ্ৰিকাক ৫-০গ'লত পৰাস্ত কৰে। তিনিটা প্ৰত্যক্ষ গ'ল আৰু দুটা পেনাল্টিৰ সহায়ত ভাৰতে এই বিজয় সাব্যস্ত কৰিব সক্ষম হয়। ভাৰতৰ হৈ শিমৰণজিৎ সিঙে ৪৩ আৰু ৪৬ মিনিটত দুটা গ'ল স্কোৰ কৰে। ললিত উপাধ্যায়,আকাশদ্বীপ সিং আৰু মনদীপ সিঙে ক্ৰমে ৪৫ মিনিট,১২ মিনিট আৰু ১০ মিনিটত এটাকৈ গ'ল কৰি ভাৰতৰ বিজয় সহজ কৰি তোলে।

আয়োজক দল ভাৰতে পৰবৰ্তী খেলত ডিচেম্বৰৰ দুই তাৰিখে বিশ্বৰ তিনি নম্বৰ স্থানৰ শক্তিশালী বেলজিয়ামৰ মুখামুখি হব। ভাৰতীয় পুৰুষ হকী দলৰ সহ অধিনায়ক সিংলেনচানা সিং বানগুজামে ২০০ খন আন্তৰাষ্ট্ৰীয় খেলত অংশগ্ৰহন কৰাৰ অভিলেখ গঢ়ে। অভিজ্ঞ মিডফিল্ডাৰ জনৰ ২০১১ চনত ভাৰতৰ হৈ আন্তৰাষ্ট্ৰীয় হকীত অভিষেক ঘটিছিল। ওড়িশাৰ ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত উজ্জিৱীত প্ৰদৰ্শন ডাঙি ধৰে ভাৰতে। ভাৰতীয় খেলুৱৈ সকলৰ ছন্দোবদ্ধ খেলৰ সন্মুখত মুৰ দাঙি উঠিব পৰা নাছিল দক্ষিণ আফ্ৰিকা বাহিনী।হকী বিশ্বকাপৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বলীউডৰ তাৰকা শ্বাহৰূখ খান আৰু সংগীতজ্ঞ এ আৰ ৰহমান।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি