Begin typing your search above and press return to search.

হঠাতে অহা দুৰ্যোগৰ সময়ত আপুনি কি কৰিব: গুৱাহাটীত অনুষ্ঠিত দুৰ্যোগ ব্যৱস্থাপনাৰ অনুশীলন

হঠাতে অহা দুৰ্যোগৰ সময়ত আপুনি কি কৰিব: গুৱাহাটীত অনুষ্ঠিত দুৰ্যোগ ব্যৱস্থাপনাৰ অনুশীলন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2018 1:47 PM GMT

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দুৰ্যোগৰ ব্যৱস্থাপনা সম্পৰ্কত জনসাধাৰণৰ মাজত সচেতনতা আনিবলৈ এক আখৰা অনুশীলন অনুষ্ঠান ৰূপায়িত কৰে।ভূমিকম্প, অগ্নিকাণ্ড আদিৰ দৰে বিভিন্ন দূৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থা সম্পৰ্কে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ বাবেই গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এই আখৰা অনুশীলন অনুষ্ঠিত হৈ যায়।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত সমগ্ৰ ৰাজ্যৰে প্ৰত্যেক খন জিলাতে প্ৰতিখন জিলাই এইদৰে বিভিন্ন সচেতনতামূলক অনুষ্ঠান আয়োজিত কৰিছে।এই কাৰ্যসূচীৰ অংশ হিচাপে মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ বিভিন্ন স্থান ক্ৰমে পেন্টালুন শ্বপিং মল( ডাউন টাউন হাস্পাতালৰ সমীপত), ভেটাপাৰাৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্স, পাণ বজাৰ মহেন্দ্ৰ মোহন হাস্পতাল আৰু নামনি অসম সংমণ্ডলৰ আয়ুক্তৰ কাৰ্যালয়ৰ বাকৰিত দুৰ্যোগ ব্যৱস্থাপনাৰ আখৰা অনুষ্ঠিত হয়।

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই এই অনুশীলনৰ সময়ত পেন্টালুন শ্বপিং মলত উপস্থিত থাকি দুৰ্যোগ ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰিদৰ্শন কৰে।আজিৰ এই অনুশীলন কাৰ্যসূচীত এন ডি আৰ এফ, এছ ডি আৰ এফ, অসম আৰক্ষী,অগ্নি আৰু জৰুৰীকালীন সেৱা, পৰিবহন, গড়কাপ্তানি, এ পি আৰ অ, এ পি ডি চি এল, খাদ্য অসামৰিক যোগান, স্বাস্থ্য আদি বিভিন্ন বিভাগে অংশগ্ৰহণ কৰে আৰু আপদকালিন সময়ত কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাৰ বিষয়ে সাধাৰণ জনতাৰ ওচৰত ব্যক্ত কৰে।

যিকোনো সময়ত ভূমিকম্প, অগ্নিকাণ্ড আদিৰ দৰে দুৰ্যোগ সংঘটিত হ'লে তাৰ পৰিপেক্ষিতত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰী সংস্থা সমূহেও ৰাইজৰ ওচৰত উপস্থিত হৈ কেনেদৰে তৎপৰতাৰে কাৰ্য সম্পাদন কৰিব তাৰো অনুশীলনৰ উদ্দেশ্য আছিল বুলি জিলা দুৰ্যোগ প্ৰাধিকৰণে জানিবলৈ দিয়ে।লগতে ভূমিকম্প সম্পৰ্কীয় অথবা আন অনাকাংশিত দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়ে সবিশেষ জানিবলৈ ৰাইজৰ বাবে www.sdmassam.nic.com ৱেবচাইটটো মুকলি কৰা কথা ব্যক্ত কৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ সংশ্লিষ্ট কতৃপক্ষ‌ই।

অধিক খবৰৰ বাবে পঢ়কশীৰ্ষ বাতৰি

Next Story
চাকৰি