Begin typing your search above and press return to search.

হঠাৎতে পৰিদৰ্শন কৰিলে গহপুৰৰ হোটেল,ৰেষ্টোৰেণ্ট

হঠাৎতে পৰিদৰ্শন কৰিলে গহপুৰৰ হোটেল,ৰেষ্টোৰেণ্ট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2018 7:08 AM GMT

গহপুৰ অসামৰিক প্ৰশাসনিক বিভাগে গহপুৰৰ একাধিক হোটেল,ৰেষ্টোৰেণ্টৰ হঠাৎতে পৰিদৰ্শন কৰে।পৰিদৰ্শনৰ সময়ত,এফএছএছএআই ৰ অনুজ্ঞা পত্ৰ নোহোৱাকৈ ৰেষ্টোৰেণ্ট,হোটেল সমূহে ব্যৱসায় কৰি থকা আদি ভিন্ন বেমেজালি বিচাৰি উলিয়াই প্ৰশাসনিক দলটোৱে ।পাকঘৰ সমূহত অস্বাস্থ্যকৰ হোৱাৰ লগতে বেয়া পানী ওলাই যাবলৈ উপযুক্ত নলা-নৰ্দমাৰ অভাৱৰ লগতে পেলনীয়া ডিচপচেল পেলোৱা ঠাইৰ আদি ভিন্ন সমস্যা সমূহ তেওঁলোকে বিচাৰি উলিয়াই।ইয়াৰ উপৰিও,হোটেল সমূহত কৰ্মৰত কৰ্মচাৰী তথা ৰান্ধনী সকলে কোনো ধৰনৰ এপ্ৰন,হাতত গ্লৱ আদিও পৰিধান নকৰে।

আকৌ,কৰ্মচাৰী সকলৰ বাবে কোনো ধৰনৰ চিকিৎসামুলক প্ৰমান পত্ৰৰো ব্যৱস্থা নাই।এই আটাইবোৰ কথাকলৈ প্ৰশাসনিক দলটোৱে ১৫দিনৰ ভিতৰত সকলো নিয়ম প্ৰতিষ্ঠা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।এই অভিযানত আগভাগ লয় এছডিঅ' লগতে এডিচি ইন্দ্ৰানশ্ৰী দাস,গহপুৰৰ ৰাজহ চক্ৰ বিষয়া ৰুমী বৰুৱা আৰু খাদ্য সুৰক্ষা বিভাগৰ বিষয়া এম ডি এছ জামাল আৰু অন্যান্য সদস্য সকল।

Next Story
চাকৰি