Begin typing your search above and press return to search.

হত্যাৰ অভিযোগত অভিযুক্ত হত্যাকাৰীৰ আত্মসমৰ্পন

হত্যাৰ অভিযোগত অভিযুক্ত হত্যাকাৰীৰ আত্মসমৰ্পন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2018 12:29 PM GMT

চৰাইদেউ জিলাৰ অন্তৰ্গত টিনগালিবাম চাহ বাগিছাৰ বাসিন্দা মহেশ্বৰ নেওঁগ(৩২) নামৰ হত্যাৰ অভিযোগত অভিযুক্ত ব্যাক্তি গৰাকীয়ে ৰবিবাৰে টিনগালিবাম আৰক্ষী চকীৰ আৰক্ষী অধীক্ষকৰ আগত আত্মসমৰ্পন কৰে। সূত্ৰপ পৰা পোৱা খবৰ অনুসৰি মহেশ্বৰ নেওঁগে একে অঞ্চলৰে বগা গগৈ(৪২) নামৰ এজন ব্যাক্তিক কথাৰ কটাকটি আৰু ভুল বুজাবুজিৰ পৰিণতিত চোঁকা অস্ত্ৰৰে আঘাত কৰে। সেই আঘাততে বগা গগৈ না্মৰ ব্যক্তিজনৰ ঠাইতে মৃত্যু হয়। ঘটনা সংঘটিত কৰি পলাটক অৱস্থাত থকা মহেশ্বৰ নেওঁগ নামৰ হত্যাকাৰীজনে পিছদিনা টিনগানিবাম আৰক্ষী চকীত উপস্থিত হৈ আৰক্ষী অধীক্ষকৰ আগত ঘটনাৰ দোষ স্বীকাৰ কৰি আত্ম সমৰ্পন কৰে। আৰক্ষীয়ে হত্যাকাৰী মহেশ্বৰ নেওগক নিজৰ জিম্মাত লয়।এই ঘটনাত সমগ্ৰ চাহ বাগিছাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story