হত্যাৰ অভিযোগত দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজনক

দৰং আৰক্ষীয়ে এগৰাকী বিবাহিত মহিলাক নৃসংশ ভাবে হত্যাৰ অভিযোগত বুধবাৰে দুজন লোকক গ্ৰেপ্তাৰ কৰে। মংগলদৈ আৰক্ষী চকীৰ অন্তৰ্গত নাহৰণি গাওঁৰ বিতুমনি হাজৰিকা নামৰ মহিলা গৰাকীক সোমবাৰে সন্ধিয়া কোনো অজ্ঞাত ঘাটকে নিজ ঘৰতে হত্যা কৰি থৈ যায়।দৰং আৰক্ষী অধীক্ষক শ্ৰীজিথ থিৰাভিৰামে জনোৱা মতে মৃত মহিলাগৰাকীৰ শহুৰেক আৰু দেওঁৰেক দুতি ৰাম বৰুৱা আৰু কুশল বৰুৱাক ঘটনাত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে। দুৰ্ভগীয়া মহিলা গৰাকীৰ স্বামী কিৰ্তি বৰুৱা গোচৰ তৰাৰ সময়লৈ পলাই আছে। তৃতীয় অসম আৰক্ষীৰ বিশেষ শাখাৰ জোৱান কিৰ্তি বৰুৱাই শ্যামপুৰ আৰক্ষী চকীত কৰ্মৰত হৈ আছিল।
আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে হত্যা কৰি জ্বলাই দিয়া মহিলা গৰাকীৰ মৃতদেহ গাধোৱা ঘৰত উদ্ধাৰ হোৱা সময়ত জোৱান জন ঘৰত উপস্থিত নাছিল। ঘটনাটো সংঘটিত হোৱাৰ দিনাখন কিৰ্তি বৰুৱা কৰ্মৰত আছিল বুলি বিভাগীয় তথ্যত প্ৰকশ কৰা হৈছে।আৰক্ষী অধীক্ষক গৰাকীয়ে জোৱান জন ঘটনাত জড়িত থাকিব পৰাৰ সন্দেহক নুই কৰা নাই বুলিও উল্লেখ কৰে। মৃত মহিলা গৰাকীৰ পিতৃ দলগাওঁ নিবাসী তিলক হাজৰিকাই দলগাওঁ আৰক্ষী চকীত জুনু হাজৰিকাৰ শহুৰেকৰ ঘৰৰ লোকৰ ওপৰত এখন এফ আই আৰ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে শাহুৱেক আৰু ভনী দেওঁৰেককো ঘটনাৰ সোধ পোছৰ বাবে জিম্মাত লৈছে আৰু তেওলোকৰ শুনানি গ্ৰহণ কৰিছে।
মৃত বিতুমনিৰ পৰিয়ালে দুমাহ আগতে কিৰ্তি আৰু বিতুমনিয়ে বিবাহ পাশত আবদ্ধ হৈছিল বুলি কয়। এতিয়ালৈ হত্যাৰ প্ৰকৃত কাৰণ উদ্ধাৰ হোৱা নাই যদিও কিৰ্তি বৰুৱাৰ অন্য মহিলাৰ লগত থকা বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰিণতিতে নৃসংশ ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি