হনিমুনৰ পৰা উভতিল প্ৰিয়াংকা আৰু নিক

১ আৰু ২ ডিচেম্বৰত যোধপুৰত নিক জোনন্স আৰু প্ৰিয়াংকা চোপ্ৰাৰ বিবাহৰ পিছত হনিমুনৰ পৰা ওভতিল জোন্স দম্পতি । বুধবাৰে মুম্বাই বিমানবন্দৰত দেখা গ’ল প্ৰিয়াংকা আৰু নিক জোন্সক ৷ পিঙ্ক ৰঙৰ অফ চোল্ডাৰ টপ, শিৰত সেন্দুৰ,মংগলসূত্ৰৰ লগতে প্ৰিয়াংকাক ৱেষ্টটাৰ্ণ লুকত অতি সুন্দৰ দেখাইছিল। ইফালে ইনষ্টাৰগ্ৰামত নিকৰ লগত ফ’টো আপল’ড কৰিছে প্ৰিয়াংকাই ৷
অন্যহাতে, ৮ আৰু ৯ নৱেম্বৰত ইশা আম্বানিৰ বিয়াৰ প্ৰি ৱেডিং অনুষ্ঠানৰ পিছতে প্ৰিয়াংকা আৰু নিকে হনিমুনৰ কাৰণে ৰাওনা হৈছিল অ’মানলৈ ৷ উল্লেখ্য যে,হনিমুনৰ পৰা আহিয়েই প্ৰিয়াংকাই অন্যান্য বিভিন্ন কামৰ লগতে "দ্য স্কাই ইজ ব্লু"নামৰ ছবিখনৰ দৃশ্যগ্ৰহণৰ কাৰণে আহমেদাবাদলৈ ৰাওনা হ’ব ৷ ছবিখনৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰি প্ৰিয়াংকা আৰু নিক আকৌ ২৭ ডিচেম্বৰত হনীমুনলৈ ৰাওনা হ’ব আৰু জানুৱাৰীৰ প্ৰথম সপ্তাহতে উভতি হ’ব।
লগতে বলীউডৰ অন্যান্য চেলীব্ৰেটীসকলৰ উপস্থিতি প্ৰিয়াংকা আৰু নিকে মুম্বাইত আয়োজন কৰিছে এটি পাৰ্টিৰ ৷উল্লেখ্য যে,দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাৰ হলীউডৰ গায়ক নিক জোন্সৰ লগত ১ আৰু ২ ডিচেম্বৰত ক্ৰিষ্টিয়ান আৰু হিন্দুৰীতি অনুসৰি বিবাহ পাশত আৱদ্ধ হৈছিল ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন