Begin typing your search above and press return to search.

হলৌখোৱাত কমিউনিটি হল গুচি হ'ল ধানৰ মিল

হলৌখোৱাত কমিউনিটি হল গুচি হল ধানৰ মিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Nov 2018 11:52 AM GMT

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ দেওঁপানী স্বায়ত্ব পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২নং হলৌখোৱাত বিগত এএচডিচি চৰকাৰৰ দিনত এটা কমিউনিটি হল স্থাপন কৰিছিল। ৰাইজৰ আবেদনৰ ভিত্তিত গাৱঁৰ বিভিন্ন সভা সমিতি, সামাজিক, সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ সুবিধাৰ বাবে জিলা খনৰ বিভিন্ন ঠাইৰ লগতে ২নং হলৌখোৱাতো কমিউনিটি হল স্থাপন কৰিছিল ।

আৰম্ভণিতে এই হলটো গাওঁবাসীয়ে গাঁৱৰ সভা, সমিতি আদি অনুস্থানৰ বাবে ব্যৱহাৰ কৰিছিল। কিন্তু কালক্ৰমত এই কমিউনিটি হলটো জেওঁৰা দি বেৰি স্থানীয় এজন লোকে ধান খুন্দা মিললৈ ৰূপান্তৰিত কৰি পেলালে । সহজ সৰল গাওঁবাসীয়ে এই চতুৰ ব্যক্তি জনৰ অভিপ্ৰায় প্ৰথমতে বুজিব পৰা নাছিল যদিও লাহে লাহে তেওঁৰ কু অভিসন্ধি ওলাই পৰিল । বৰ্তমান ব্যক্তি জনে হলটো ৰাইজক এৰি নিদি পৈতৃক সম্পত্তিৰ দৰে দখল কৰি ৰাখিছে । সহজ সৰল গাওঁবাসীয়ে সাম্প্ৰদায়িক শান্তি বিনষ্ট হোৱাৰ আশংকাত আৰক্ষী প্ৰশাসনৰ কাষ চাপিবলৈ শংকা বোধ কৰা পৰিলক্ষিত হৈছে ।

Next Story
চাকৰি