Begin typing your search above and press return to search.

হাইলাকান্দিত এসপ্তাহজোৰা জ্ঞান যাত্ৰা আৰম্ভ

হাইলাকান্দিত এসপ্তাহজোৰা জ্ঞান যাত্ৰা আৰম্ভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 April 2019 9:05 AM GMT

হাইলাকান্দি জিলাত শিক্ষাৰ্থী সকলৰ বাবে শিক্ষামূলক ভ্ৰমণ আৰু জীৱন দৰ্শনৰ জ্ঞান দিবলৈ বিশেষ কাৰ্যসূচী গ্ৰহণ । জ্ঞান যাত্ৰা নামৰ এসপ্তাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে । ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে আয়োজন কৰা এই কাৰ্যসূচী মংগলবাৰৰ পৰা আৰম্ভ হৈছে । শিক্ষাৰ্থী সকলক গাইড শিক্ষক সকলে ডি চি কেম্পাচ, জিলা পুথিভঁড়াল, আৰু অন্যান্য অঞ্চলত ভ্ৰমণ কৰোৱাই ।

স্কুল ইঞ্চপেক্টৰ ৰাজীৱ কুমাৰ ঝায়ে প্ৰকাশ কৰে জ্ঞান যাত্ৰা কাৰ্যসুচীৰ যোগেদি শিক্ষাৰ্থী সকলক জিলাখনৰ বিভিন্ন স্থানত ভ্ৰমণ কৰোৱাৰ লগতে বিভিন্ন বিষয়ত আলোকপাত কৰোৱা হয় । ছাত্ৰ-ছাত্ৰীৰ সমাজ জীৱনত এনেধৰণৰ অনুষ্ঠানে সহায় কৰিব বুলিও প্ৰকাশ কৰে ।

ছাত্ৰ ছাত্ৰী সকলে জিলা উপায়ুক্তৰ কাৰ্যালয় পৰিভ্ৰমণ কৰাৰ সময়ত জিলা উপায়ুক্ত ক্ৰীথি জালিক লগ কৰে। জিলা উপায়ুক্ত গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলৰ লগত কথা পাতে বুলি জানিবলৈ দিয়ে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি