Begin typing your search above and press return to search.

হাইলাকান্দিত বন মহোৎসৱ উদযাপন

হাইলাকান্দিত বন মহোৎসৱ উদযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 July 2018 8:40 AM GMT

হাইলাকান্দি জিলাৰ বন বিভাগে সমগ্ৰ জিলাতে বৃক্ষ ৰূপনৰ লগতে গছপুলি ৰাইজৰ লগতে বিভিন্ন দল সংগঠনক প্ৰদান কৰি ৬৯ সংখ্যক বন মহোৎসৱ উদযাপন কৰে।বন বিষয়া এন এইচ মজুমদাৰে জানিবলৈ দিয়ে যে স্থানীয় বিধায়ক সকলৰ উপস্থিতিত জিলাৰ বিভিন্ন ঠাইত গছপুলি ৰুৱাৰ লগতে সহস্ৰাধিক গছপুলি ৰাইজৰ মাজত বিলাই দিয়া হয়।বন মহোৎসৱ ১৯৫০ চনৰ পৰাই ভাৰতত উদযাপন কৰি আহিছে।১ জুলাইৰ পৰা ৭ জুলাইলৈ উদযাপন কৰা হয়।ইয়াৰ লক্ষ্য হল ভাৰতবৰ্ষৰ পৰিবেশ সেউজীয়া কৰি ৰখা।৬৯ বছৰৰ আগতে প্ৰথম দেশত বন বিভাগে লাখ লাখ গছপুলি ৰুই মহোৎসৱ আয়োজন কৰিছিলে।

Next Story