হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাসূচী প্ৰকাশ কৰিলে ছেবাই

বহু প্ৰত্যাশিত ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাসূচী ইতিমধ্যে প্ৰকাশ কৰিছে সংশ্লিষ্ট কতৃপক্ষ ছেবাই৷ অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাটো মাৰ্চ মাহৰ ২ তাৰিখে অন্ত পৰিব৷আনহাতে ব্যৱহাৰিক পৰীক্ষাসমূহ ২২ জানুৱাৰী মঙলবাৰ আৰু ২৪ জানুৱাৰী বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব৷
প্ৰকাশিত পৰীক্ষাসূচী অনুসৰি মুল পৰীক্ষাসমূহ আগবেলা ৯.০০ বজাৰ পৰা ১২.০০ বজালৈ অনুষ্ঠিত হ’ব৷
তাৰিখ অনুসৰি পৰীক্ষাৰ মূল বিষয়সমূহৰ সূচী এনেধৰণৰ-
১৪ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ- ইংৰাজী (English)
১৮ ফেব্ৰুৱাৰী, সোমবাৰ- সমাজ বিজ্ঞান (Social Science)
২২ ফেব্ৰুৱাৰী, শুকুৰবাৰ- সাধাৰণ গনিত (General Mathematics)
২৫ ফেব্ৰুৱাৰী, সোমবাৰ- সাধাৰণ বিজ্ঞান (General Science)
২৬ ফেব্ৰুৱাৰী, মঙলবাৰ- আধুনিক ভাৰতীয় ভাষা (MIL)
২৮ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ- হিন্দী, গাৰমেন্ট ডিজাইনিং আদি
১ মাৰ্চ, শুকুৰবাৰ- মনিপুৰী, বড়ো আদি
২ মাৰ্চ, শনিবাৰ- ঐচ্ছিক গণিত, সংস্কৃত, আৰৱী।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি