Begin typing your search above and press return to search.

হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ চমকপ্ৰদ ফলাফল: শিশু শিক্ষা সমিতিৰ সংবাদমেল

হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ চমকপ্ৰদ ফলাফল: শিশু শিক্ষা সমিতিৰ সংবাদমেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 May 2019 7:48 AM GMT

বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা পৰীক্ষাত মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহে চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ শিশু শিক্ষা সমিতিয়ে এক সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থাপনৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু-বিদ্যা নিকেতন সমূহৰ ফলাফলে অসমৰ জনসাধাৰণৰ মাজত বিদ্যা ভাৰতীয় আদৰ্শ অথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ গুৰুত্ব বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰে।

এইবাৰ ৫৫১ খন নিকেতনৰ ভিতৰত উচ্চ মাধ্যমিক পৰ্যায়ৰ ২৬৩ খন বিদ্যালয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হৈছিল । ৭৬১৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অবতীৰ্ণ হৈছিল । ইয়াৰে ১১৪ খন নিকেতনৰে ১০০ শতাংশ উৰ্ত্তীৰ্ণ হৈছে ।

শিশু শিক্ষা সমিতিৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু বিদ্যা নিকেটনৰ ৪ গৰাকীকৈ পৰীক্ষাৰ্থী য়ে শীৰ্ষ ১০ টা স্থানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে।

সংবাদমেলত লগতে প্ৰকাশ কৰে যে অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ বাবে চিন্তাচৰ্চা কৰিব বুলি প্ৰকাশ কৰে শিশু শিক্ষা সমিতিয়ে লগতে মহাবিদ্যালয় স্থাপনৰ বাবেও চিন্তা কৰিছে বুলি প্ৰকাশ কৰে।

ডুমডুমা আৰু ডিব্ৰুগড় চিৰিং চাপৰি নিকেতনত কলা শাখাৰ উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম আৰম্ভ কৰা হব বুলি প্ৰকাশ কৰে।

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান সংবদ্ধৰ নিয়ম-আদৰ্শৰে উদ্বুদ্ধ সংস্কাৰৰে এই পাঠ্যক্ৰম আৰম্ভ কৰা হব বুলি প্ৰকাশ কৰে সংবাদমেলতে।

শংকৰদেৱ শিশু বিদ্যা নিকেটনৰ ৪ গৰাকীকৈ পৰীক্ষাৰ্থীয়ে শীৰ্ষ দহটা স্থানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে । প্ৰথম স্থানত আছে মেঘাশ্ৰী বৰা , দশম স্থানত ক্ৰমে অনিৰ্বান দত্ত, মনিষা মালাকাৰ আৰু দ্বিপজ্যোতি শৰ্মা উৰ্ত্তীৰ্ণ হৈছে । তাৰোপৰি ৭৯২ জনে ডিষ্টিংছন আৰু ১১৮৬ জনে ষ্টাৰ নম্বৰ লাভ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি