Begin typing your search above and press return to search.

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকনৰ ক্ষেত্ৰত প্ৰাক্তন মাধ্যমিক শিক্ষাৰ পৰিষদৰ অধ্যক্ষৰ বিশেষ প্ৰতিক্ৰিয়া

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকনৰ ক্ষেত্ৰত প্ৰাক্তন মাধ্যমিক শিক্ষাৰ পৰিষদৰ অধ্যক্ষৰ বিশেষ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 May 2019 8:31 AM GMT

প্ৰাক্তন মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু সচিবে কয় যে চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু অসম হাই মাদ্ৰাছৰ পৰীক্ষাৰ মূল্যাংকনত কোনো ধৰণৰ সংশোধন নীতি গ্ৰহণ কৰা নাই ৷ কাৰণ, ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক দিশটোত ক্ৰিয়া কৰিব পাৰে ৷ তেওঁ কয় যে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ মডাৰ্ণেশ্যন পলিছিৰ অভাৱত অখিল ভাৰতীয় সমকক্ষৰ লগত নম্বৰৰ পৰিমাণ বৃদ্ধি হোৱা নাই।

ইফালে, ম’ডাৰেশ্যন পলিছিৰ ক্ষেত্ৰত যদি প্ৰশ্নটো কঠিন বুলি প্ৰমাণিত হয়,তেন্তে কিছু সংখ্যক পেপাৰত পৰীক্ষাৰ্থীক ১৫ শতাংশ অতিৰিক্ত নম্বৰ দিয়া হয়৷ বুধবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ২০১৯ ঘোষণাৰ পিছত ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদদাতাৰ সন্মুখত কয় যে চলিত বৰ্ষত ষ্টাৰ মাৰ্কৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে ৷ কাৰণ ছেবাই মডাৰ্নেশ্যন নীতিক অনুসৰণ কৰা নাছিল ৷

প্ৰাক্তন চিবিএচইৰ অধ্যক্ষ আশোক গাংগুলীৰ প্ৰসংগ উল্লেখ কৰি প্ৰাক্তন ছেবাৰ অধ্যক্ষই কয় যে ভাৰতৰ সকলো বিদ্যালয়ৰ বৰ্ডে দেশত শীৰ্ষ কলেজ আৰু বিশ্ববিদ্যালয়ত প্ৰবেশ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক মডাৰ্নেশ্যনৰ আধাৰত "গ্ৰেচ মাৰ্ক" প্ৰদান কৰিছে ৷ চিবিএচই আৰু ৰাজ্যৰ বৰ্ডেও চলিত বৰ্ষত এই ধৰণৰ নীতি অনুসৰণ কৰিছিল ৷ চেবাৰ এজন প্ৰাক্তন সচিবে কয় যে মই আশ্চৰ্য্য প্ৰকাশ কৰিছোঁ যে ছেবাই কিছু মান বৈজ্ঞানিক নীতি নিৰ্দেশৰ লগত মডাৰ্নেশ্যন নীতিৰ কিয় অনুসৰণ কৰা নাই। চেবাৰ অধীনত বহু মেধাবী ছাত্ৰ ছাত্ৰীয়ে চিবিএচই আৰু অন্য ৰাজ্যৰ বৰ্ডৰ তুলনাত পোৱা নম্বৰ পৰিমাণ হ্ৰাস হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি