হাউলীত হাগ্ৰামা মহিলাৰীয়ে উদ্ধোধন কৰিলে বড়োলেণ্ড অতিথিশালা

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বুধ বাৰে হাউলীৰ বেনিবাৰীত নবনিৰ্মিত বড়োলেণ্ড অতিথিশালা উদ্ধোধন কৰে। নতুনকৈ নিৰ্মান কৰা তিনিমহলীয়া অতিথিশালাটো ১.৫ কৌটি টকা ব্যয়েৰে নিৰ্মান কৰা হৈছে। নৱ নিৰ্মিত অতিথিশালাটো উদ্ধোধন কৰি দিয়া ভাষণত হাগ্ৰামা মহিলাৰীয়ে কয় যে তেওঁৰ পৰিষদে বিটিচিৰ সৰ্বাংগিন উন্নতিৰ কাৰণে সদায় কাম কৰি আহিছে।
মহিলাৰীয়ে আকৌ কয় বিটিচি পৰিষদৰ অতিথিশালা নতুন দিল্লী, কলিকতা, গুৱাহাটী, কোকৰাঝাৰ, চিলিগুৰিত ইতিমধ্যে আছে আৰু চেন্নাইত অতি সোনকালে আন এটা অতিথিশালা উদ্ধোধন কৰা হব। মহিলাৰীয়ে তেওঁৰ পৰিষদে কাৰ্বি আংলঙৰ ডিফু, নাগালেণ্ডৰ ডিমাপুৰ, শ্বিলং, নলবাৰী আৰু নগাঁওতো বড়োলেণ্ড অতিথিশালা নিৰ্মান কৰিব বুলি কয় আৰু ইয়াৰ বাবে ইতিমধ্যে যাবতীয় ভূমি লোৱা হৈছে বুলিও মন্তব্য কৰে। বাংগালোৰতো বড়োলেণ্ড অতিথিশালাৰ নিৰ্মানৰ কাম দ্ৰুত গতিত চলি আছে বুলি বিটিচি প্ৰধান গৰাকীয়ে উল্লেখ কৰে।
হাউলীৰ বড়োলেণ্ড অতিথিশালাৰ প্ৰসংগ উল্লেখ কৰি মহিলাৰীয়ে এই অতিথিশালাটোৱে স্থানীয় জনসাধাৰণক উপকৃত কৰিব আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান চাবলৈ অহা পৰ্যটককো উপকৃত কৰিব বুলি মতামত আগবঢ়াই। অনুষ্ঠানটোত বিটিচি পৰিষদৰ আন আন বিষয়ববীয়া অংশুমি খংগুৰ বড়ো, ৰাজীৱ ব্ৰহ্ম, মৃত্যুঞ্জয় নাৰ্জাৰী, দেৱেন ব্ৰহ্ম উপস্থিত থাকে। বিধায়ক থানেশ্বৰ বসুমটাৰী আৰু মনেশ্বৰ ব্ৰহ্মও উদ্ধোধনী অনুস্থানত উপস্থিত থাকে।
অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি