
দঃশালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্দা আৰক্ষী চকীৰ অন্তৰ্গত কানাইমাৰা গাৱঁৰ বাতেন আলীৰ পুত্ৰ মজিদুৰ ইছলামৰ বিৰুদ্ধে এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে অভিযুক্ত যুৱক জনৰ গ্ৰেপ্তাৰৰ দাবীত খাৰুৱাবান্দা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । অভিযোগ মতে কানাইমাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ১৫ বছৰীয়া ছাত্ৰীক যোৱা ২২ চেপ্তেম্বৰ তাৰিখে ৰাতি ৮ বজাত ঘৰত কোনেও নথকাৰ সুযোগলৈ নাবালিকা জনীৰ মুখত সোপা দি এই জঘন্য কাণ্ড সংঘটিত কৰে বুলি অভিযোগ কৰে৷ ভোক্তভোগীৰ মাতৃ ইছমিনা খাতুন ২৩ চেপ্তেম্বৰত খাৰুৱাবান্ধা আৰক্ষী চকীত এখন এজহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে মজিদুৰ ইছলামৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ কৰায়ত্ত কৰিব পৰা নাই অভিযুক্ত যুৱক জনক।