Begin typing your search above and press return to search.

হাতী-মানুহৰ সংঘাত বৃদ্ধি,উদ্বিগ্ন বনবিভাগ

হাতী-মানুহৰ সংঘাত বৃদ্ধি,উদ্বিগ্ন বনবিভাগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 July 2018 8:37 AM GMT

কাৰ্বি আংলং জিলাৰ বোকাজানৰ খটখটি অঞ্চলৰ ৰাইজ বন্যহস্তীৰ তাণ্ডৱত নিদ্ৰা বিহিন ৰজনী পাৰ কৰিবলগীয়া হৈছে।খাদ্যৰ সংকটত ভূগা বন্যহস্তীসমূহ খাদ্য বিচাৰি অহা হাতীৰ এটা প্ৰায় ১০ জনীয়া বৃহৎ দল খটখটি অঞ্চলত প্ৰৱেশ কৰি এফালৰ পৰা বাসগৃহসমূহ ভাঙি তহিলং কৰে।গাওঁবাসীয়ে প্ৰাণৰ মমতাত ঘৰ এৰি সুৰক্ষিত ঠাইত আশ্বয় লয়গৈ।গাওঁবাসীয়ে হাতীৰ দলটোক খেদাৰ চেষ্ঠা কৰে যদিও বিফল হয়।বহুসংখ্যক বাসগৃহ হস্তীৰ দলটোৱে ভাঙি লণ্ড-ভণ্ড কৰে। অঞ্চলটোত দীৰ্ঘদিন ধৰি হাতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।বোকাজানৰ বন বিষয়া চুচেং শ্যামে কয় যে আমি হস্তী সমূহক প্ৰতিৰোধ কৰিব পৰাকৈ অস্ত নাই,মাত্ৰ এটা ৰাইফলে কি দৰে হস্তী বোৰক প্ৰতিৰোধ কৰিম।

Next Story
চাকৰি