হাতে সজা উপহাৰ প্ৰদান কৰিব বৰুন ধাৱনে

বৰুন ধাৱনে নিজৰ জৰিয়তে ভাৰতীয় হাতে সজা সামগ্ৰী সমূহক প্ৰচাৰৰ বাবে চেষ্টা চলাইছে।ঠিক এই সময়তে আহি পৰিছে ককাইয়েক-ভনীয়েকৰ মাজৰ সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা ৰাশি বন্ধন।প্ৰতিবছৰে বৰুন ধাৱনে নিজৰ ভগ্নীসকলৰ লগত অতি ধুমধামেৰে ৰাশি বন্ধন পালন কৰে।কিন্তু এইবাৰ অলপ ব্যতিক্ৰমী প্ৰক্ৰিয়াৰে পালন কৰিব ৰাশি বন্ধন।
বৰুনৰ পৰবৰ্ত্তী ছবি "চুই ধাগা-মেড ইন ইণ্ডিয়া" মুক্তি পাব।ছবি খনত বৰুনে এজন দৰ্জীৰ চৰিত্ৰত অভিনয় কৰিছে।
Sui Dhaaga – Made In India
ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হোৱা প্ৰযোজক-নিৰ্দেশক ক্ৰমে মানিশ শৰ্মা আৰু শৰৎ কাটাৰিয়াৰ ছবি "দম লাগা কে হইচ্চা" ছবি খনৰ পিছত "চুই ধাগা-মেড ইন ইণ্ডিয়া" মুক্তি পাব।ছবি খনে বিশেষ ভাৱে ভাৰতীয় যুৱ প্ৰজন্ম তথা স্থানীয় আৰ্টিষ্ট সকলৰ বাবে এক বিশেষ বাৰ্তা প্ৰেৰন কৰিবলৈ সক্ষম হ'ব।
ছবি খনত বৰুনৰ বিপৰীতে এম্ব্ৰদাই কাম কৰাৰ চৰিত্ৰটি অভিনয় কৰিব মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই।প্ৰথম বাৰৰ বাবে বৰুন আৰু অনুষ্কাক একেলগে এই ছবি খনৰ জৰিয়তৰ দেখা পোৱা যাব। য়শ ৰাজ ফ্লিমচ মনোৰঞ্জনমুলক ছবি খন চলিত বৰ্ষৰ অহা ২৮ চেপ্তেম্বৰত মুক্তি পাব।