লাডেনৰ পুত্ৰৰ সন্ধান দিওঁতালৈ ৭. ৯ কোটি টকা দিয়া হব: আমেৰিকা

লাডেনৰ পুত্ৰৰ সন্ধান দিওঁতালৈ ৭. ৯ কোটি টকা দিয়া হব: আমেৰিকা
Published on

বিশ্ব সন্ত্ৰাসবাদী ওছামা বিন লাডেনৰ পুত্ৰৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে আমেৰিকাই। ৭.৯ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে আমেৰিকাই। আমেৰিকাই ওছামা বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে।

২০১১ চনত ওছামা বিন লাডেনক আমেৰিকাৰ নৌ- সেনাই হত্যা কৰিছিল । ওছামা বিন লাডেনৰ মৃত্যুৰ পিছত অল কায়দাৰ দায়িত্বত আছে হামজা। বিগত কেইবাবছৰ ধৰি কুখ্যাত হামজা বিন লাডেনৰ সন্ধান উলিওৱাৰ চেষ্টা চলাইছে আমেৰিকাই।

হামজা বিন লাডেনে অ'ডিঅ আৰু ভিভিঅ মেছেজ এটা প্ৰকাশ কৰিছে । মেছেজৰ যোগেদি অল কায়দাৰ সমৰ্থনক সকলক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে আক্ৰমণৰ বাবে সাজু হবলৈ কৈছে । ২০১১ চনত আমেৰিকাই হত্যা কৰিছিল লাডেনক । পিতৃৰ হত্যাৰ পুতক তুলিবলৈ আক্ৰমণ কৰাৰ ভাবুকিৰ দিছে পুত্ৰ হামজা বিন লাডেনে । ২০০১ চনত বিশ্ব বাণিজ্য কেন্দ্ৰত কৰা আক্ৰমণত প্ৰধান হাইজেকাৰ জনৰ পুত্ৰীক হামজা বিন লাডেনে বিয়া কৰাইছে বুলি প্ৰকাশ কৰিছে । ওছামা বিন লাডেনৰ মৃত্যুৰ পাছত অল কায়দাৰ সকলো সম্পতি, অস্ত্ৰসত্ৰ বাজেয়াপ্ত কৰা হৈছিল ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com