হালধী আপুনি কি কি কামত ব্যৱহাৰ কৰে? চাওঁক হালধীৰ উপকাৰিতা

হালধী আমি কি কামত ব্যৱহাৰ নকৰোঁ ৷ পাকঘৰৰ পৰা আৰম্ভ কৰি সৌন্দৰ্য্য চৰ্চা কৰালৈকে আমি হালধি ব্যৱহাৰ কৰোঁ ৷ হালধীৰ হালধীয়া ৰঙৰ কাৰণে ভাৰতীয় কেশৰ বুলি কয় ।লগতে কয় সোনালী ৰঙৰ মচলা ৷ইয়াৰ উপৰিও হালধীয়ে আমাৰ বিভিন্ন অসুখৰ পৰা আৰোগ্য পোৱাত যথেষ্ট সহায় কৰে ৷ তাৰ ভিতৰত অন্যতম হ’ল মধুমেহ ৰোগৰ পৰা আৰোগ্য পোৱা ৷ কিন্তু হালধীক মধুমেহ ৰোগীসকলে এটা পৰিমাণত ল’ব লাগে কাৰণ,হালধীয়ে ব্লাড চুগাৰ পৰিমাণক সীমিত কৰি দিয়ে ৷যি মধুমেহ ৰোগীসকলৰ কাৰণে সুৰক্ষিত নহয় ৷ চাওঁ আহক হালধীৰ ৭ টা উপকাৰিতা যিয়ে আপোনাক মধুমেহ ৰোগ পৰা আৰোগ্য পোৱাত সহায় কৰিব ৷
গাখীৰ আৰু হালধী পাউদাৰ মিশ্ৰিত কৰি যদি আপুনি সেৱন কৰে তেন্তে মধুমেহ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব। এটা পাত্ৰত গাখীৰ গৰম কৰি তাত অলপ হালধি মিহলাই সেৱন কৰি সুফল পাব মধুমেহ ৰোগী সকলে ৷দ্বিতীয়তে এটা পাত্ৰত অলপ গাখীৰ গৰম কৰি,তাত অলপ হালধী মিহলাব লাগে ৷যেতিয়া হালধী আৰু গাখীৰ মিশ্ৰিত কৰা খিনি তৈয়াৰ হ’ব আৰু ঠাণ্ডা হ’ব ,তেতিয়া তাত অলপ জালুকৰ পাউদাৰ দি সেৱন কৰিব পাৰে ৷ এই হালধী,গাখীৰ আৰু জালুকৰ মিশ্ৰিত খিনি যদি মধুমেহ ৰোগীয়ে সেৱন কৰে তেন্তে সুফল পাব পাৰে আপুনি ৷অন্য এটা বিধি হৈছে হালধী মিশ্ৰিত গাখীৰ যদি আমি পুৱা সেৱন কৰোঁ তেন্ত আমাৰ ছালৰ কাৰণে অত্যন্ত উপকাৰী ৷কিন্তু হালধী মিশ্ৰিত গাখীৰৰ লগত যদি অলপ দালচেনী পাউদাৰ মিহলাই পুৱা সেৱন কৰে ,তেন্তে শৰীৰৰ ইচুলিনৰ পৰিমাণ সীমিত কৰে ৷
আৰু ৰক্ত সঞ্চালনকো কম কৰে ৷ ইফালে মৌ আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ ৷বিভিন্ন কাম অৰ্থাৎ সৌন্দৰ্য্য চৰ্চা কৰাত মৌয়ে যথেষ্ট সহায় কৰে ৷ উল্লেখ্যনীয় যে হালধী মিশ্ৰিত গাখীৰ শৰীৰ,ছাল চুলিৰ কাৰণে অত্যন্ত উপযোগী ৷কিন্তু তাত যদি অলপ মৌ মিহলাই দিয়া হয় তেন্তে মধুমেহ ৰোগীসকলৰ কাৰণে উপকাৰী হ’ব পাৰে ৷কিন্তু এই বিধি সমূহ আপোনালোকে লোৱাৰ সময়ত আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লৈ ল’ব ৷ ইয়াৰোপৰি আপুনি আপোনাৰ হালধী মিশ্ৰিত গাখীৰত অলপ আদা মিহলাই সেৱন কৰিব পাৰে ৷
উল্লেখ্য যে হালধীয়ে বিভিন্ন অসুখৰ পৰা সকাহ দিয়াৰ লগতে শালমন,ছালৰ বিভিন্ন ৰোগ,অথবা ৰ’দে পোৰা ছালৰ কাৰণে মহৌষদৰ ৰূপত কাম কৰে ৷ শালমন সমস্যাৰ কাৰণে কেচাঁ হালধী অত্যন্ত উপকাৰী ৷শালমনৰ সমস্যা থাকিলে নিশা হালধী লগাই পুৱা ছাফা পানীৰে ধুলে উপকৃত হ’ব পাৰি ৷ লগতে ৰ’দে পোৰা ছালত হালধী,গাখীৰ আৰু মৌ লগালে সুফল’ পাব আপোনালোকে ৷ অন্যহাতে কোৱা হয় যে মাগুৰ বৰণীয়া ছালৰ যুৱতীয়ে যদি নিয়মিত ৰূপত হালধী লগালে সুফল পাব পাৰিব ৷ অৰ্থাৎ ছালৰ ৰঙ উজ্জ্বল হ’ব ৷
অধিক খবৰৰ বাবে পঢ়ক : বিবিধ