Begin typing your search above and press return to search.

"হিউমেন অৱ বোম্বে"ত নিজৰ অতীতক সুঁৱৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

হিউমেন অৱ বোম্বেত নিজৰ অতীতক সুঁৱৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jan 2019 9:53 AM GMT

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে "হিউমেন অৱ বোম্বে" নামৰ এটি সাক্ষাৎকাৰ অনুষ্ঠানত প্ৰকাশ কৰে যে মোডীয়ে জীৱনৰ প্ৰথম সময় ছোৱাত দেৱালী সময়ত পাঁচ দিনৰ কাৰণে অৰণ্যত প্ৰকৃতিৰ লগত কটাবলৈ গৈছিল। আৰু প্ৰকৃতিৰ লগত একাত্ম হোৱা সেই অনুভৱে সম্প্ৰতি জীৱনৰ বিভিন্ন অনুভৱসমূহ উপলব্ধি কৰিবলৈ সহায় কৰিছে৷ "হিউমেন অৱ বম্বে"ৰ এক সাক্ষাৎকাৰত মোডীৰ যুৱ অৱস্থাৰ লগতে জীৱনৰ উদ্দেশ্য সমূহ উপলব্ধি কৰি আধ্যাত্মিক যাত্ৰাৰ বিৱৰণ দিয়ে ৷ মোডীয়ে লগতে কয় যে, গৰিষ্ঠ সংখ্যক লোকৰ হয়তো জ্ঞাত নহয় যে প্ৰত্যেক দেৱালীৰ সময়ত মই পাঁচ দিনৰ কাৰণে অৰণ্য বা জনসাধাৰণৰ সমাগমৰ পৰা দূৰত্বলৈ যাওঁ । সেই ঠাইত কোনো খবৰ কাগজ,ছ’চিয়েল মিডিয়া,ৰেডিঅ’কে আদি কৰি কোনো প্ৰযুক্তি উপলব্ধ নাথাকে৷ নিৰলে থকা সেই পাঁচ দিনৰ অভিজ্ঞতাই মোক জীৱনৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে ৷

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে জনসাধাৰণে মোক প্ৰশ্ন কৰে যে আপুনি প্ৰায়ে কাক লগ কৰিবলৈ যায় ৷মই তেতিয়া মন্তব্য কৰোঁ যে মই মোৰ নিজক লগ কৰিবলৈ যাওঁ৷ লগতে মোডীয়ে কয় যে,কিছু সময় নিজৰ লগত অতিবাহিত কৰিলে মানুহৰ দৃষ্টিভংগী পৰিৱৰ্তন হয় । মানুহে নিজক বুজিবলৈ যথেষ্ট সময় পায় ।বাস্তব জগতৰ খনৰ প্ৰত্যেক স্তৰৰ লগত চিনাকি হ’বলৈও সুবিধা হয় ৷ইয়াৰ দ্বাৰা মানুহৰ আত্ম বিশ্বাস বঢ়াৰ লগতে এই অনুভৱে মানুহৰ অনাগত দিনত যথেষ্ট সহায়ক হ’ব ৷

সকলো ক্ষেত্ৰত আত্মবিশ্বাসৰ জৰিয়তে আগবাঢ়ি যাবলৈ কৈ মোডীয়ে কয় যে মই জানো যে আপোনালোক সকলোৱে নিজৰ কাৰণে বহুত উল্লেখ্যনীয় ৷ সকলো ক্ষেত্ৰত নিজক প্ৰাধান্য দিয়াৰ লগতে মানুহে নিজক ভাল পাবলৈ শিকিব লাগে ৷ জীৱনৰ জ্যোতি বিচাৰিবলৈ হলে নিজক অন্তৰ আত্মাক পৰিদৰ্শন কৰিবলৈ কয় মোডীয়ে ৷ আনহাতে মোডীয়ে ১৭ বছৰ বয়সত হিমালয়ত প্ৰায় দুবছৰ থকাৰ কথাও স্মৰণ কৰে ৷ মোডীয়ে কয় যে মই জনা নাছিলো যে মই ক’ত যাব বিচাৰো,মই কি কৰিব বিচাৰোঁ আৰু কিয় কৰিব বিচাৰোঁ ।এই ক্ষেত্ৰত মই অস্পষ্ট আৰু অনিশ্চিত আছিলোঁ ৷ সেয়েহে মই ১৭ বছৰ বয়সতে হিমালয়ত গৈ ভগৱানৰ ওচৰত নিজকে সমৰ্পিত কৰোঁ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story