Begin typing your search above and press return to search.

হিজাব পৰিধান কৰি কাশ্মীৰৰ ১৭বছৰীয়া এজনী ছোৱালীয়ে দেখুওৱাইছে এক বিশেষ যাদু

হিজাব পৰিধান কৰি কাশ্মীৰৰ ১৭বছৰীয়া এজনী ছোৱালীয়ে দেখুওৱাইছে এক বিশেষ যাদু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2018 11:06 AM GMT

আজিৰ সময়ত আমাৰ সমাজৰ ছোৱালী সমূহে ল'ৰাৰ লগত সমানে সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে।দংগলৰ পৰা আৰম্ভ কৰি কুষ্টী,বক্সিং,ফুটবল,হকী,দৌৰ,সাঁতোৰ আদি সকলোতে ছোৱালী সমূহে নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ সক্ষম হৈছে লগতে আজি কালি ক্ৰিকেট খেলিও ভালকৈ আগবাঢ়িব পাৰিছে।এই দিশত সুন্দৰ ভাৱে আগবাঢ়িবলৈ সক্ষম হোৱা কাশ্মীৰৰ ১৭বছৰীয়া ছোৱালী এজনীৰ কথা তলত আলোচনা কৰা হ'ল……………

প্ৰকৃতি ৰাজ্য কাশ্মীৰৰ চৌপাৰৰ দাংগীবাচাৰৰ বাস কৰা ইকৰা ৰসুল নামৰ এগৰাকী ১৭বছৰীয়া ছোৱালীয়ে ক্ৰিকেটৰ আখৰা আৰম্ভ কৰি নিজ পাৰদৰ্শিতা দেখুওৱাবলৈ সক্ষম হৈছে।কাশ্মীৰ হৈছে এখন সুন্দৰ পাহাৰীয়া অঞ্চলৰে আৱৰা প্ৰকৃতি ৰাজ্য।এনে ঠাইত ক্ৰিকেট খেলিবলৈ কোনো এখন সমান পথাৰৰ অভাৱ,কিন্তু তাৰ মাজতে ইকৰাই সুন্দৰ ভাৱে ক্ৰিকেটৰ অনুশীলন কৰিবলৈ আৰম্ভ কৰিছে।

কাশ্মীৰ

প্ৰতিভাৰ কোনো জাত-পাত,ধৰ্ম নাথাকে।ইকৰাৰ বয়স মাত্ৰ ১৭বছৰীয়া কিন্তু ইমান কম বয়সত ইমান খিনি প্ৰতিভা দেখুওৱাবলৈ সক্ষম হোৱাৰ বাবে মানুহ আচৰিত হ'বলৈ বাধ্য হৈছে।

ইকৰাই হিজাব পৰিধান কৰি ল'ৰাৰ লগত ক্ৰিকেট খেলে,ইকৰাৰ এই প্ৰতিভা দেখিয়েই ইকৰাৰ পৰিয়ালৰ লোকে ইকৰাক এই দিশত আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰাৰ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী পৰিয়ালৰ লোক। কিন্তু প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে ইকৰাৰ এই প্ৰতিভাক গুৰুত্ব প্ৰদান কৰা নাছিল,কিন্তু ইকৰাৰ আগ্ৰহ আৰু পৰিশ্ৰম,কষ্ট দেখি পিছলৈ পৰিয়ালৰ লোকে ইকৰাক এই দিশত আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰে।ইকৰাৰ পিতৃয়ে গৌৰৱবোধেৰে কয় যে,তেওঁৰ ছোৱালীয়ে বিয়াজ দলৰ লগত খেলি মেডেল জিকিবলৈ সক্ষম হৈছে,আৰু এতিয়া এটা সুন্দৰ সময়লৈ অপেক্ষা কৰিছে যাৰ জৰিয়তে ইকৰাই খেল খেলি জয়ী হোৱাৰ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে।

কাশ্মীৰ

ইকৰাই নিজৰ তৰফৰ পৰা কিছু কথা মত প্ৰকাশ কৰিছে যে,ক্ৰিকেট তাইৰ বাবে কোনো চখ নহয় বৰঞ্চ তাইৰ বাবে জুনুন আৰু বিৰাট কোহলি হৈছে তাইৰ বাবে আদৰ্শ।

১৭বছৰীয়া ইকৰাৰ এই সুন্দৰ প্ৰতিভা সমগ্ৰ দেশ তথা পৃথিৱীতে বিকশিত হোৱাৰ আশা কৰি অশেষ শুভেচ্ছা জ্ঞাপন কৰা হৈছে।

Next Story
চাকৰি