Begin typing your search above and press return to search.

হিন্দুস্তান পেপাৰ নিগমৰ কৰ্মী সকলৰ ঘোষণা: দৰমহা নিদিলে বিৰত থকা হব ভোট দানৰ পৰা

হিন্দুস্তান পেপাৰ নিগমৰ কৰ্মী সকলৰ ঘোষণা: দৰমহা নিদিলে বিৰত থকা হব ভোট দানৰ পৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Dec 2018 10:49 AM GMT

আৰ্থিক ভাবে জুৰুলা হৈ পৰা হিন্দুস্তান পেপাৰ নিগমৰ অন্তৰ্গত কাছাৰ কাগজ কলৰ কৰ্মী সকলে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে। কাছাৰ কাগজ কলৰ কৰ্মী সকলে ২৩ মাহৰ পৰা দৰমহাৰ পৰা বঞ্চিত হৈ আছে। আগন্তুক পঞ্চয়ত নিৰ্বাচনৰ প্ৰাকক্ষণত কাগজ কলটোৰ কৰ্মী সকলে বিক্ষোভ প্ৰদৰ্শন কৰি কয় যে চৰকাৰে মৃত কাছাৰ কাগজ কলটো পুনৰ মুকলি কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

কাগজ কলটোত কাম কৰা স্থায়ী আৰু অস্থায়ী সকলো শ্ৰেণীৰ কৰ্মীয়ে বিগত ২৩ মাহে দৰমহা লাভ কৰা নাই যাৰ ফলত কৰ্মী সকলৰ পানীত হাঁহ নচৰা অবস্থা হৈছে। চৰকাৰৰ যদিহে কাগজ কলটো মুকলি কৰি কৰ্মী সকলক দৰমহা প্ৰদান কৰাৰ কোনো ভাল ভাব নাই কৰ্মী সকলেও ৰাজ্যত হব লগা পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব। এই সংকতপূৰ্ণ সময়চোৱাত কাছাৰ কাগজ কলত কাম কৰা ৩৮ জন লোকে মানসিক ভাবে ভাগি পৰি মৃত্যু বৰণ কৰিছে।

কাগজ কল পুনৰুজ্জীৱন সমিতিৰ মুখ্য আহ্বায়ক মানবেন্দ্ৰ চক্ৰবৰ্তীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে আগষ্ট মাহতে ৯০ কৌটি টকা শ্ৰমিক আৰু কৰ্মী সকলৰ বাকী থকা দৰমহা প্ৰদানৰ বাবে অনুমোদন জনাইছিল।এই তথ্য ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ তৰফৰ পৰা সদৰি কৰা হৈছিল। কিন্তু অনুমোদন জনোৱাৰ ইমান দিন উকলি যোৱাৰ পিছতো কাগজ কলটোত কাম কৰা কৰ্মী আৰু শ্ৰমিক সকলৰ আজিকোপতি দৰমহা নহল। মানসিক ভাবে ভাগি পৰা কৰ্মী সকলে পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুমকি প্ৰদান কৰি প্ৰয়োজনত যিকোনো কাম কৰাৰ বাবে সাজু আছে বুলি চৰকাৰক সকীয়াই দিয়ে।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি