Begin typing your search above and press return to search.

হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰুদ্ধে ২৩ অক্টোবৰত অসম বন্ধৰ আহ্বান

হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰুদ্ধে ২৩ অক্টোবৰত অসম বন্ধৰ আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Oct 2018 7:36 AM GMT

হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে ২৩ অক্টোবৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ৰাজ্যৰ প্ৰায় ৪৬ টা জাতীয় সংগঠনে । নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে ২৩ অক্টোবৰত নতুন দিল্লীত চূড়ান্ত সিদ্ধান্ত লবৰ বাবে অনুষ্ঠিত কৰা সভাৰ বিৰুদ্ধে উক্ত দিনাই অসম বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে সংগঠন সমূহে । লগতে ১৭ নবেম্বৰত ২৬ টা বাঙালী সংগঠনৰ গুৱাহাটীত অনুষ্ঠিত হবলগীয়া সমাৱেশ বন্ধ কৰিবলৈ চৰকাৰক সকীয়নি দিয়ে ৪৬ টা জাতীয় সংগঠনে । জাতিধ্বংসী নাগৰিকত্ব আইন সংশোধনী বিধেয়ক খনৰ প্ৰতি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে দেখুওৱা তৎপৰতাক প্ৰতিহত কৰিবলৈ উক্ত অসম বন্ধৰ প্ৰতি সমূহ অসমবাসীৰ পূৰ্ণ সহযোগিতা বিচাৰিছে সংগঠন সমূহে । অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ লগতে চি পি আই অসম পৰিষদেও সমৰ্থন জনাইছে এই বন্ধ কাৰ্যসূচীক

Next Story