হিন্দু বাংলাদেশী সন্দৰ্ভত চৰকাৰক সকিয়নি আছুৰ

হিন্দু বাংলাদেশী সন্দৰ্ভত চৰকাৰক সকিয়নি আছুৰ
Published on

সদৌ অসম ছাত্ৰ সন্থাই সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টি চৰকাৰক জাতিধংশী নাগৰিক সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰিবলৈ দাবী জনাই অন্যথা এক জংগী আন্দোলন গঢ়ি তোলা হব বুলি সকিয়নি প্ৰদান কৰিছে।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে কয় যে অসম চুক্তিৰ স্বাক্ষৰ হোৱা ৩৩ বছৰ হৈ গল কিন্তু আজিলৈকে ৰূপায়ন নহল যিতো অসমৰ খিলঞ্জীয়া সকলৰ বাবে অতি দুৰ্ভাগ্যজনক।আজিলৈ বাংলাদেশ আৰু অসমৰ সীমা সমস্যা নিৰ্মূল নহল,অসমত অসমীয়া সংখ্যালঘু হবলৈ আৰু বেছি দিন নাই।

গগৈয়ে লগতে কয় যে চৰকাৰে বাংলাদেশী প্ৰবজনকাৰী ৰোধ কৰিবৰ বাবে ভাৰত-বাংলাদেশ সীমান্ত চীল কৰিবলৈ সক্ষম হোৱা নাই যদিও এনআৰচি চূড়ান্ত খচৰা প্ৰকাশ কৰি বাংলাদেশী মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ইতিবাচক আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু অসম চুক্তি ৰূপায়ন ব্যৱস্থা নকৰাতো দুৰ্ভাগ্যজনক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com