Begin typing your search above and press return to search.

হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত প্ৰতিদন্দ্বিতা নকৰে: নেডাৰ আহ্বায়ক হিচাপে দায়িত্ব পালন কৰিব

হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত প্ৰতিদন্দ্বিতা নকৰে: নেডাৰ আহ্বায়ক হিচাপে দায়িত্ব পালন কৰিব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 March 2019 10:32 AM GMT

আগন্তুক লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদন্দ্বিতা নকৰে। আনহাতে ৰাজ্যৰ ১০ টা লোকসভাৰ সমষ্টিৰ ৮ টা সমষ্টিত প্ৰাৰ্থীৰ নাম নিশ্চিত কৰিছে । লগতে নগাঁও আৰু তেজপুৰতো ইতিমধ্যে প্ৰাৰ্থী চুড়ান্ত কৰিছে । সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে জনোৱা মতে বিজেপিৰ সাধাৰণ সম্পাদক আৰু উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা ৰাম মাধৱে প্ৰকাশ কৰা মতে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদন্দ্বিতা নকৰে ।

নেডাৰ আহ্বায়ক হিচাপে হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্বাচনৰ দায়িত্ব পালন কৰিব বুলি প্ৰকাশ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে । সেয়েহে দলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নামটো বহিস্কাৰ কৰিছে । হিমন্ত বিশ্ব শৰ্মাক তেজপুৰৰ পৰা লোকসভা নিৰ্বাচনৰ পাৰ্থীত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছিল বুলি প্ৰকাশ কৰে । ৰাজ্যিক বিজেপিয়ে কেন্দ্ৰীয় বিজেপিৰ নেতাসকললৈ পঠোৱা তালিকাত আৰ পি শৰ্মাৰ নাম নথকাত ক্ষোভিত হৈ দল ত্যাগ কৰে ।

এই সম্পৰ্কত বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্ৰকাশ কৰে যে আৰ পি শৰ্মাৰ নাম তালিকা খনত আছিল বুলি প্ৰকাশ কৰে । নতুন দিল্লীত অনুষ্ঠিত বৈঠকত পেনেলৰ আগত প্ৰকাশ কৰা তালিকাত মাত্ৰ এজনহে নতুনকৈ অন্তভূক্ত কৰা হৈছে বুলি প্ৰকাশ কৰিছে । লগতে নগাঁও আৰু তেজপুৰত প্ৰাৰ্থী প্ৰদানকলৈ আলোচনা অব্যাহত আছে । ইতিমধ্যে ৮ টা সমষ্টিত প্ৰাৰ্থীৰ নাম চুড়ান্ত কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি