হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লে অসম ৰসাতলে যাব: তৰুণ গগৈ

"হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন সদায় সপোন হয়েই ৰব, যদিও অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক মুখ্য মন্ত্ৰী পাতে তেন্তে অসম ৰসাতলে যাৱ।"বৃহস্পতি বাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এইদৰে তীব্ৰ ভাষাৰে থকা সৰকা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
"কংগ্ৰেছ দুৰ্নীতি গ্ৰস্থ দল, অগপ গুপ্তহত্যাৰ দল এইবোৰ গালি গালাজ কৰিয়ে পঞ্চায়ত নিৰ্বাচন পাৰ কৰিলে বিজেপিয়ে।" এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লগতে তেওঁ কয় যে বিজেপি আটাইতকৈ দুৰ্নীতিগ্ৰষ্ঠ দল । বিজেপিয়ে জলসম্পদৰ ভূমি দখল কৰিছে, হেলিকপ্তাৰ উৰুৱাই ৰাইজৰ টকা উৰুৱাইছে ।" এইবোৰ দুৰ্নীতি হয় নে নহয় বা এই টকা কৰ পৰা আহিছে বুলি প্ৰশ্ন কৰে তৰুণ গগৈয়ে।"অসমৰ ৰাজনীতিৰ পটভূমি এতিয়া সম্পূৰ্ণ ওলোটা। দলৰ সভাপতি থাকে তিনি নম্বৰত, দুই নম্বৰত দলটোৰেই মুখ্য মন্ত্ৰী জন আৰু এক নম্বৰত অসমৰ ৰাজনীতি কূলষিত কৰা হিমন্ত বিশ্ব শৰ্মা"। সংবাদমেলত বিজেপিক এইদৰে কটাক্ষ কৰে তৰুণ গগৈয়ে।চন্দ্ৰমোহন পাটোৱাৰীয়ে কংগ্ৰেছে অগপক ২০১১ চনৰ বিধানসভা নিৰ্বাচনত ২০ কোটি টকা যচাৰ অভিযোগ খণ্ডন কৰি অভিযোগৰ সত্যতা আনি প্ৰমাণ কৰিবলৈ আহ্বান জনাই তৰুণ গগৈয়ে।লগতে চন্দ্ৰমোহন পাটোৱাৰীক প্ৰত্যাহ্বান জনাই যদি অভিযোগ প্ৰমাণিত কৰিব পাৰে তেন্তে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজনৈতিক জীৱন পদত্যাগ কৰিব আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তেন্তে চন্দ্ৰমোহন পাটোৱাৰীয়ে পদত্যাগ কৰিব লাগিব।