গুৱাহাটী মহানগৰীৰ লতাশিল খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় ১৬০ টা দল-সংগঠনে স্বৰ্ণ কন্যা হিমা দাসক সম্বৰ্ধনা জনাই।সদৌ অসম ছাত্ৰ সন্থাৰ উপদেস্তা ড° সমুজ্জ্বল ভট্টাচাৰ্য্যই অনুস্থানত উপস্থিত থাকি কয় যে সদৌ অসম ছাত্ৰ সন্থাই কেৱল পথত অসমৰ বিভিন্ন সমস্যাৰ প্ৰতিবাদ কৰিয়েই শান্ত থকা নাই খেলুৱৈও সৃষ্টি কৰিছে।হিমা দাসেই তাৰ সুন্দৰ উদাহৰণ, আমি হিমাক সম্বৰ্ধনা জনোৱাতকৈ তেওঁক সহায় কৰাতহে গুৰুত্ব দিম। কলাক্ষেত্ৰৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমাক ১ কোটি ৬০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিছিল।হিমাই এছিয়ান গেমছত এটা স্বৰ্ণ পদক আৰু দুটা ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল।
Begin typing your search above and press return to search.