অসম তথা ভাৰত গৌৰৱ হিমা দাসৰ জীৱনৰ ওপৰত ছবি নিৰ্মাণ কৰিব চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে। ইয়াৰ উপৰিও কিছুদিন পূৰ্বে "ভিলেজ ৰকষ্টাৰ" ছবি খনৰ বাবে ৰীমা দাসে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বটাঁ পাবলৈ সক্ষম হৈছিল। চান্দমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অত্যাধুনিক ভ্ৰাম্যমাণ চিত্ৰগৃহ মুকলি কৰি এই কথা ঘোষণা কৰে ৰীমা দাসে। ‘বুলবুল কেন ছিং’ ছবিখন টৰণ্ট’ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হোৱাৰ বাবেও আনন্দ প্ৰকাশ কৰে ৰীমা দাসে। চানমাৰিত উদ্বোধন কৰা ভ্ৰাম্যমাণ চিত্ৰগৃহৰ জৰিয়তে গাঁৱে গাঁৱে প্ৰদৰ্শন কৰা হ’ব চিনেমা। শীত-তাপ নিয়ন্ত্ৰিত ভ্ৰাম্যমাণ চিত্ৰগৃহত একেলগে ১২০জন দৰ্শকে উপভোগ কৰিব পাৰিব চিনেমা।
Begin typing your search above and press return to search.