হেঙাৰাবাৰী স্হিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অগপ, বিজেপিৰ যৌথ সংবাদমেল

পুনৰ মিত্ৰতাৰ পাছত শুকুৰবাৰে হেঙাৰবাৰীস্হিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অগপ আৰু বিজেপিৰ সংবাদমেল। আগন্তুক লোকসভা নিৰ্বাচনৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ।অগপ-বিজেপিৰ মিত্ৰতাক লৈ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ লৈ দুয়োটা দল নিজৰ স্থিতিত অটল আছে। লোকসভা নিৰ্বাচনৰ পিছত বিধেয়কক লৈ সৃষ্টি হোৱা সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান হ’ব বুলিও আজিৰ সংবাদমেলত কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফণিভূষণ চৌধুৰী উপস্থিত হয় বিজেপিৰ কাৰ্যালয়ত। সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে মন্তব্য কৰে যে লোকসভা নিৰ্বাচনত ৯ ৰ পৰা ১১ আসন পাব আৰু মিত্ৰজোটৰ সবলত ১২ টা খন আসন পাব বুলি মন্তব্য কৰে ৰণজিৎ দাসে। প্ৰতিটো জনগোষ্ঠীয় সমিতিৰ লগত হব নিৰ্বাচনী ৰামধেনু সদৃশ মিত্ৰতা গঠন কৰিব অগপ বিজেপিয়ে। শনিবাৰে সমগ্ৰ ৰাজ্যত বিজেপিৰ বুথ সমিতিৰ বৈঠক হব অনুষ্ঠিত হব আৰু ১৪ খন আসনৰ ১৪ খনেই পেনেল বৃহস্পতিবাৰে প্ৰস্তুত কৰি আজি দিল্লী যাব বিজেপি।
আজি অগপই বিজেপিৰ অফিচলৈ অহাটো নতুন কথা নহয় বুলি মন্তব্য কৰে অতুল বৰাই। কংগ্ৰেছক প্ৰতিহত কৰিবলৈ মিত্ৰতা কৰা হৈছে। ২০১৪ ৰ পিছত দেশৰ বিকাশ হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীক আকৌ এবাৰ বিছাৰে বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই। অনুষ্ঠিত হব লগা ৰাজনৈতিক সভা আৰু লোকসভা সমষ্টিৰ ভাগে ভাগে যৌথ সভাত সকলো কৰ্মীকে অংশগ্ৰহন কৰিবলৈ আহ্বান জনাইছে ।
শনিবাৰে প্ৰাৰ্থী সম্পৰ্কীয় কথাক লৈ অমিত শ্বাহক সাক্ষাৎ কৰিব অগপই বুলি সংবাদমেলত প্ৰকাশ কৰে । ১৭ তাৰিখে উত্তৰ পূৱৰ সকলো মিত্ৰ দলৰ সৈতে বৈঠকত মিলিত হব অমিত শ্বাহে। অমিত শ্বাহৰ সৈতে থাকিব হিমন্ত বিশ্ব শৰ্মা। "নাগৰিকত্ব সংশোধনি বিধেয়কৰ সম্পৰ্কীয় কথা সদায় সংবাদমেলত সাংবাদিকেহে কয়, ৰাইজে নকয়, বিজেপি দল নাগৰিকত্ব সংশোধনি বিধেয়কৰ সম্পৰ্কত অটল, আমি বিল আনিম " বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'লে বিকাশ নিশ্চিত বুলি প্ৰকাশ কৰাৰ লগতে আজি অগপ বিজেপি দলৰ যৌথ প্ৰশ্নৰ কথা কম বুলি কয় । আন বিষয় সমুহত ৰ কাৰণে যৌথ সভা অনুষ্ঠিত কৰা হব, সেই সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকিব। অসমত জাতিটোৰ বাবে ৰামধেনু সদৃশ মিত্ৰতা প্ৰয়োজন বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি