হেপী বাৰ্থ ডে ঋত্বিক ৰোশন

হেপী বাৰ্থ ডে ঋত্বিক ৰোশন
Published on

বলীউডৰ জনপ্ৰিয় অভিনেতা তথা নৃত্য শিল্পী ঋত্বিক ৰোশনৰ (Hrithik Roshan) আজি ৪৪ সংখ্যক জন্ম দিন ৷ গতিকে প্ৰথমতে ঋত্বিক ৰোশনলৈ জন্ম দিনৰ অলেখ শুভকামনা ৷ ১৯৭৪ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল বলীউডৰ জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশনে ৷ পিতৃ ৰাকেশ ৰোশন আৰু পিংকীৰ সুপুত্ৰ ঋত্বিক ৰোশন ৷সম্প্ৰতি বলীউডৰ বহু চেলীব্ৰেট্ৰীৰ লগতে অনুৰাগী সকলে ঋত্বিক ৰোশনক দিছে জন্ম দিনৰ বহু শুভেচ্ছা ৷বলীউডলৈ বহু ব্লক ব্লাষ্টাৰ ছবি উপহাৰ দি বি টাউন চহকী কৰিছে সকলোৰে প্ৰিয় অভিনেতা ঋত্বিক ৰোশনে ৷ ১৯৮০ চনত প্ৰথম বাৰৰ কাৰণে শিশু চৰিত্ৰৰে বলীউডত খোজ পেলাইছিল ঋত্বিক ৰোশনে ৷

ইয়াৰ পিছত ২০০০ চনত "ক’হো না প্যাৰ হ্যে"নামৰ ছবিখনৰ জৰিয়তে নায়কৰ চৰিত্ৰৰে অভিনয় জগতত পদাৰ্পন কৰে৷এই ছবিখনে বি টাউনত যথেষ্ট সফলতা লাভ কৰিছিল ৷ ছবিখনৰ কাৰণে ঋত্বিক ৰোশনে ফিল্ম ফেয়াৰৰ ফালৰ পৰা সৰ্ব শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল কৰে ৷ ইয়াৰোপৰি ২০০৩ চনত "কোই মিল গয়া",২০০৬ চনত "ক্ৰিছ",২০০৬ চনত "ধুম ২", আদিৰ দৰে ছবিৰ কাৰণে প্ৰসিদ্ধি লাভ কৰে মিষ্টাৰ ৰোশনে ৷৷ ইফালে,ঋত্বিক ৰোশনে আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ আৰু "যোধা আকবৰ"ছবিখনৰ কাৰণে ৰুছত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই ছবিখনত অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে অভিনয় কৰিছিল ঋত্বিক ৰোশনে ৷

২০০২ চনটো ঋত্বিক ৰোশনৰ ছবিসমূহৰ কাৰণে অসফলতা পূৰ্ন বছৰ ৷কাৰণ "মুছছে দোস্তী কৰোগে", "না তুম জানে না হম", "আপ মুঝে অচ্চে লগতে হো" এই তিনিখন ছবি বক্স অফিচত সফলত লাভ কৰিবলৈ সক্ষম ন’হল । ইয়াৰ পিছতে "ক’ই মিল গয়া"ছবিখনৰ জৰিয়তে ঋত্বিক ৰোশনে লাইমলাইটলৈ আহে ৷" অন্যহাতে অভিনেতা ঋত্বিক ৰোশনৰ দুটি সন্তানৰ সৈতে এখন সুখৰ সংসাৰ ৷ পত্নী সুজেইনক ঋত্বিক ৰোশনে দেখিছিল ট্ৰেফিক চিগনেলত ৷ ইয়াৰ পিছত দুয়ো বিবাহ পাশত আৱদ্ধ হয়৷ অন্যহাতে, প্ৰেমৰ ক্ষেত্ৰত ঋত্বিক ৰোশনৰ নাম কংগনা ৰানাউটৰ লগতে জৰিত হৈ পৰা বিষয়টোৱে এক বিতৰ্কৰ সৃষ্টি কৰিছিল।

কিন্তু যিয়েই নহওঁক বলীউডৰ চেলীব্ৰেটী হিচাপে ঋত্বিক ৰোচনৰ প্ৰেমৰ সম্পৰ্কক আছুতীয়াকৈ ৰাখি মিষ্টাৰ ৰোচনৰ অভিনয়ক আমি কেতিয়াওঁ নজৰ আন্দাজ কৰিব নোৱাৰো ৷ অভিনয়ৰ কৰাৰ উপৰিও ঋত্বিক ৰোশনৰ ডান্স তথা নিত্যই নতুন প্ৰজন্মক আকৃষ্ট কৰে বহু পৰিমাণে ৷ কাৰণ ঋত্বিক ৰোচনৰ নিত্য সম্পূৰ্ণ পৃথক। মিষ্টাৰ ৰোছনৰ নিত্যৰ লয়লাসে আকৃষ্ট কৰে বহুজনক ৷ নতুন প্ৰজন্মৰ প্ৰায় সংখ্যকৰ কাৰণে অনুপ্ৰেৰণা ঋত্বিক ৰোশন ৷

উল্লেখ্য যে,এতিয়াও বহু যুৱতীৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু অভিনেতা ঋত্বিক ৰোশন ৷ জন্ম দিনৰ এই শুভক্ষণত ঋত্বিক ৰোশনলৈ জনাইছোঁ আন্তৰিক শুভকামনা ৷ আগবাঢ়ি যাওক ঋত্বিক ৰোছন ৷ লগতে সু স্বাস্থ্যৰ লগতে সুন্দৰ ছবিৰে অনুৰাগীসকলক আপ্লুত কৰি আগবাঢ়ি যাওক ঋত্বিক ৰোশন৷

অধিক খবৰৰ বাবে পঢ়ক পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com