Begin typing your search above and press return to search.

হেপী বাৰ্থ ডে ছলমান খান

হেপী বাৰ্থ ডে ছলমান খান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2018 1:56 PM GMT

আজি বলীউডৰ দাবাং ছলমান খানৰ ৫৩ সংখ্যক জন্মদিন৷ বলীউডৰ ভাইজানে নিজৰ জন্মদিন মুম্বাইৰ পনবেল স্থিত ফাৰ্মহাউচত নিজৰ পৰিয়াল তথা বন্ধু-বৰ্গৰ লগত উদযাপন কৰে। বলীউডৰ চেলিব্ৰেটীসকলেও ছলমানক জন্মদিনৰ শুভেচ্চা জনাই ৷ উল্লেখ্য যে, ছলমানৰ খানৰ জন্ম হৈছিল ১৯৬৫ চনৰ ২৭ ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে ৷ আব্দুল ৰ’ছিড চেলিম ছলমান খানৰ জন্ম হৈছিল মধ্যপ্ৰদেশৰ ইণ্ডোৰত ৷ ছলমান খান এজন সুদক্ষ অভিনেতাই নহয় তেওঁ এজন প্ৰযোজক,পৰিচালক, তথা গায়ক ৷ চেলিম খান আৰু তেখেতৰ প্ৰথমা পত্নী চলমা খানৰ প্ৰথম সন্তান ছলমান খান ৷ আৰৱাজ খান,ছোহেইল খান,অলৱীৰা আৰু অৰ্পিতা খান হৈছে ছলমানৰ ভাতৃ-ভগ্নী ৷

ছলমান খানৰ দ্বিতীয় মাতৃ হেলেন বলীউডৰ সকলোতকৈ জনপ্ৰিয় অভিনেত্ৰী আছিল ৷ ছলমান মাতৃ তথা এসময়ৰ জনপ্ৰিয় অভিনিত্ৰী হেলেনে ছলমান খানৰ সৈতে ১৯৯৬ চনত "খামোচী",১৯৯৯ চনত "হ’ম দিল দে চুকে চনম"ত অভিনয় কৰিছিল ৷ ছলমান খানে অভিনয়ৰ জগতত খোজ দিছিল ১৯৮৮ চনত মুক্তি লাভ কৰা "ৱিৱী হো তো এইছি" ছবিখনৰ জৰিয়তে ৷ ইয়াৰ পিছত ১৯৮৯ চনত "মেইনে প্যাৰ কিয়া",১৯৯৪ চনত "হাম আপকে হ্যে ক’ন",১৯৯৫ চনত "কৰণ-অৰ্জুন",১৯৯৯ চনত ৱিৱি নাম্বাৰ-১",হাম চাথ চাথ হ্যে",২০১০ চনত "দাবাং",২০১১ চনত "ৰেড্ডী",২০১২ চনত "এক থা টাইগাৰ",২০১৪ চনত "কিক",২০১৬ চনত "চুলতান", ২০১৭ চনত "টাইগাৰ জিন্দা হ্যে",আদি ছবিত অভিনয়ৰ জৰিয়তে ছলমান খানৰ প্ৰিয় হঋ পৰে দৰ্শকৰ ৷

অন্যহাতে ছলমানৰ ছবি বুলিলেই মনলৈ আহে বলীউডত ধুমুহাৰ সৃষ্টি কৰা ছবিৰ কথা ৷ ছলমানৰ ছবি বুলিলেই মনলৈ আহে ৰোমাঞ্চ,এক্সন,ড্ৰামা তথা সুন্দৰ সংগীতেৰে সমৃদ্ধ কাহিনী ৷যিয়ে সমাজৰ প্ৰত্যেকজন লোকলৈ দি থৈ যায় এটা সুকীয়া বাৰ্তা ৷ লগতে নিজৰ অভিনয় প্ৰতিভা বা ছবিৰ প্ৰডাকছনৰ কাৰণে ছলমান খানে লাভ কৰে কেইবাটাও বটাঁ ৷ বলীউডৰ দৰে সৰু পৰ্দাটো সমানেই জনপ্ৰিয় ছলমান খান ৷ সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান "বিগ বছ" জনপ্ৰিয়তাৰ কথা নিশ্চয় কোৱাৰ প্ৰয়োজন নাই ৷ লগতে "দছ কা দম" অনুষ্ঠানৰ লগতে অধিক সংখ্যক অনুষ্ঠান হোষ্ট কৰে ছলমানে ৷

ইফালে আৰ্তজনৰ কাষত সদায় ছলমান খান উপস্থিত হৈ সহায়ৰ হাত আগবঢ়োৱাৰ নজিৰ আছে। উল্লেখ্য যে বলীউডত বহুতো নৱাগতাক ছবিত অভিনয়ৰ কাৰণে সুযোগ দি ছলমান খানে প্ৰায়ে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে ৷সম্প্ৰতি, এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি,এইবাৰ ছলমান খানৰ ডাবাং-3 ত এগৰাকী নৱাগতাক দেখা পাব অনুৰাগীয়ে ৷ নৱাগতা গৰাকীৰ নাম হৈছে ছলমান খানৰ প্ৰিয় বন্ধু মহেশ মাংজৰেকাৰৰ পুত্ৰী অশ্বীনী মাংজৰেকাৰ ৷

অন্য এক সূত্ৰ অনুসৰি ছলমানে নিজৰ বন্ধুত্ব অটুট ৰাখি মহেশ মাংজৰেকাৰৰ জীয়ৰী অশ্বিনীক দাবাং-3 ত অভিনয় কৰাব ৷ ইফালে ছলমানে খানে প্ৰায়ে নিজৰ ছবি সমূহত নতুন নতুন ষ্টাৰক আমাৰ মাজলৈ আনে ৷ কিন্তু তাৰ কাৰণে ছবিত অভিনয় কৰা নৱাগতাৰো থাকিব লাগিব বিশেষ টেলেন্ট । অশ্বিনী মাজতো ছলমানে বিছাৰে পালে ভৱিষ্যতৰ অভিনেত্ৰীক ৷ যাৰ কাৰণে ডাবাং -3 অশ্বিনীক লোৱাৰ সিদ্ধান্ত লয়। কিন্তু সম্প্ৰতি এই সম্পৰ্কে কোনো ধৰণৰ অফিচিয়েল খবৰ লোৱা ওলোৱা নাই ৷ ইফালে এই সম্পৰ্কে অশ্বিনীৰ পিতৃ মহেশ মাংজেৰেকৰে মন্তব্য কৰে যে,ছলমানৰ ছবিত তেওঁৰ জীয়ৰী অশ্বিনীক দেখা যাব ৷লগতে কয় যে,ছলমানৰ লগত আমাৰ পূৰ্বৰে পৰা বহুত ভাল সম্পৰ্ক আছে ৷ ছলমান খানে সদায় শিপাৰ লগত সম্বন্ধ ৰাখি ভাল পায় ৷

আনহাতে,অশ্বিনী মহেশ মাংজৰেকাৰ প্ৰথমা পত্নীৰ জীয়ৰী ৷ উল্লেখ্য যে, ভৱিষ্যতে এজন বা এগৰাকী প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী হ’ব পৰা সম্ভাৱনাৰে পৰিপূৰ্ণ নৱাগতাক দেখা যায় ছলমানৰ ছবিত ৷ তাৰ উৎকৃষ্ট উদাহৰণ হ’ল ২০১০ চনত মুক্তি লাভ কৰা ছবি "দাবাং"ৰ অভিনেত্ৰী সোনাক্ষী সিন্হা৷ ইয়াৰ উপৰিও ছলমানৰ ছবিৰে প্ৰথম বলীউডত খোজ পেলোৱা অভিনেতা অভিনেত্ৰীসকল হ’ল স্নেহা উল্লাল,কেটৰীনা কাইফা,জেৰীন খান,ডেইজী শ্বাহ,অথিয়া চেট্টী আৰু সুৰজ পাঞ্চালী ৷ সকলোৰে মৰমৰ তথা আৰ্তজনৰ কাষত থিয় হোৱা ছলমান খানৰ দীৰ্ঘায়ু কামনা কৰিছে অনুৰাগীসকলে ৷

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Next Story
চাকৰি