হেপী বাৰ্থ ডে’ টাইমূৰ আলি খান

হেপী বাৰ্থ ডে’ টাইমূৰ আলি খান
Published on

আজি ২০ ডিচেম্বৰ ৷ বলীউডৰ চোটে নবাব টেইমূৰ আলী খানৰ দুবছৰীয়া বাৰ্থডে ৷ সৰ্বপ্ৰথমে বলীউড ষ্টাৰ কিড টাইমূৰ আলি খানক হেপী বাৰ্থ ডে’ ৷ জন্মদিনৰ বহুত বহুত শুভকামনা টাইমূৰক ৷ জন্মদিনৰ দিনাই টাইমূৰ সম্পৰ্কত আহিছে এক বিশেষ খবৰ ৷ শেহতীয়া এক তথ্য অনুসৰি বলীউডৰ পপুলাৰ কিডছ টাইমূৰ আলী খানৰ ওপৰত ছবি নিৰ্মাণ হ’ব ৷ খবৰ অনুসৰি এই তথ্য কিমান সচাঁ সেই সন্দৰ্ভে সম্প্ৰতি জানিব পৰা নাই। চলচ্চিত্ৰ প্ৰেমী সকলৰ মাজত গুজব উলাইছে যে নিৰ্মাতা মধু ভাণ্ডাৰকাৰে "টাইমুৰ" নামত এক ৰেজিষ্টাৰ কৰিছে ৷

গতিকে "টাইমূৰ" নামেৰে ৰেজিষ্টাৰ কৰিছে যেতিয়া চৰ্চাটো হ’বই। কাৰণ বলীউড তথা চলচ্চিত্ৰ প্ৰেমী সকলৰ মাজত টাইমূৰ কিমান জনপ্ৰিয় সেয়া নিশ্চয় কোৱাৰ প্ৰয়োজন নাই ৷ কিন্তু এতিয়াও "টাইমূৰ"সন্দৰ্ভত ছবি নিৰ্মাণ কৰা কথাটো কিমান সত্যসত্যতা আছে ৷সেইয়া ৰহস্যৰ আৱৰ্তত ৷ ইফালে,টাইমূৰ আলী খানৰ নামেৰে ছবি নিৰ্মাণ প্ৰসংগটোৰ সন্দৰ্ভত মধু ভাণ্ডেকৰে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু ভাণ্ডেকাৰে কিয় "টাইমূৰ" নামটোৰ টাইটেল হিছাপে ব্যৱহাৰ কৰিলে সেই সম্পৰ্কে এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। কিন্তু খবৰ যিয়ে, নহওক টাইমূৰক লৈ ছবি নিৰ্মাণ কৰাক লৈ সম্প্ৰতি উৎসুক দেখা গৈছে চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত ৷

উল্লেখ্য যে, ২০১৬ চনৰ ২০ ডিচেম্বৰত জন্ম হৈছিল টাইমূৰ আলী খানৰ ৷ চৈইফ আলী খান আৰু মাতৃ কৰীনা কাপুৰ খানৰ একমাত্ৰ সন্তান টাইমূৰ ৷ উল্লেখ্য যে, চৈইফ আলি খানৰ প্ৰথমা পত্নী অমৃতা সিঙৰ দুটি সন্তান ৷ সাৰা আলী খান আৰু ইব্ৰাহীম ৷ সাৰা আলী খানে ইতিমধ্যে বলীউডত খোজ পেলাইছে কেডাৰনাথৰ জৰিয়তে ৷ মুক্তিৰ অপেক্ষাত থকা আন এখন ছবি হৈছে "চিম্বা" ৷ ইফালে, চেইফ আলী খানে ২০১২ চনত অভিনেত্ৰী কৰিনা কাপুৰ খানৰ লগত বিবাহ পাশত আৱদ্ধ হয়। ২০১৬ চনত টাইমূৰ আলিখানৰ জন্ম হয় ৷ ষ্টাৰড’ম লৈয়ে যেন জন্ম হৈছে টাইমূৰ ৷ বলীউডৰ সকলো ষ্টাৰক পিছ পেলাই টাইমূৰ যেন পৰিণত হ’ল ছুপাৰষ্টাৰলৈ ৷ টাইমূৰ প্ৰত্যেকটো মুহুৰ্ত ক্লিক হয় কেমেৰাত ৷ এক কথা ক’বলৈ গ’লে টাইমূৰ যেন এক Sensation ৷ দেশৰ প্ৰায় সংখ্যক জনসাধাৰণৰ চিনাকী টাইমূৰ ৷ টাইমূৰ য’তেই যায়, পিছে পিছে যায় ছ’চিয়েল মিডিয়া ৷

সম্প্ৰতি মাতৃ কৰীনা কাপুৰ খান অৰ্থাৎ বেবো’ আৰু চেইফ আলী খানৰ সৈতে চোটে নবাব টাইমূৰ আছে দক্ষিণ আফ্ৰিকাত। ছ’চিয়েল মিডিয়াত মাহীয়েক কৰীশ্মা কাপুৰে টাইমূৰক শুভেচ্ছা জনায় ৷ বিগত বৰ্ষটোত টাইমূৰ আলি খানৰ বাৰ্থডেড আড়ম্বাপূৰ্ণভাৱে উদযাপন কৰা হৈছিল ৷ পিতৃ চেইফ আলি খান আৰু মাতৃ কৰীণা কাপুৰ খানৰ সকলো বন্ধু বান্ধৱীৰ উপস্থিতিত পালন কৰিছিল টাইমূৰৰ বাৰ্থডে ৷ইয়াৰ ভিতৰত শৰ্মিলা ঠাকুৰ,ববিতা,ৰণধীৰ কাপুৰ,কৰিশ্মা কাপুৰ,অমৃতা অৰোৰা,কৰণ কাপুৰৰ লগতে অন্য বহু চেলিব্ৰেটী ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com