Begin typing your search above and press return to search.

হেপ্পী বাৰ্থ ডে' কমল হাছান: কমল হাছানৰ কেইখন মান বিৰল ফটো

হেপ্পী বাৰ্থ ডে কমল হাছান: কমল হাছানৰ কেইখন মান বিৰল ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Nov 2018 8:41 AM GMT

১৯৫৪ চনৰ ৭ নবেম্বৰ তথা আজি জন্ম গ্ৰহন কৰিছিল ছবি জগতৰ অন্যতম বলিষ্ঠ অভিনেতা কলম হাছান । তেওঁ এজন অভিনেতা হোৱাৰ লগতে ভাল ডাঞ্চাৰ,ছবি নিৰ্দেশক,স্ক্ৰিন ৰাইটাৰ,প্ৰযোজক,প্লেবেক চিংগাৰ আৰু বৰ্তমান ৰাজনীতি ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে ।তেওঁৰ দুজনী কন্যা সন্তান সকলোৰে পৰিচিত বলীউডৰ লগতে তামিল তেলেগু ছবিৰ অভিনেত্ৰী শ্ৰুতি হাছান আৰু আন জনী হৈছে অক্ষৰা হাছান ।

কমল হাছানে চাৰি বাৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বটাঁ,১৯ বাৰ ফিল্মফেয়াৰ এৱাৰ্ড পাবলৈও সক্ষম হৈছে । তেওঁৰ এটা প্ৰডাক্টচন কোম্পানীও আছে যাৰ নাম 'ৰাজকমল ইণ্টাৰনেশ্যনেল"।

১৯৬০ চনত তামিল ছবিৰ সৈতে কেৰিয়াৰ আৰম্ভ কৰা মুঠ ২০০ খন ছবিত অভিনয় কৰিছে । বলীউড তথা হিন্দী বল্কবাষ্টাৰ ছবি যেনে, এক দুজে কে লিয়ে,চাচী ৪২০, সাগাৰ,হে ৰাম,চাদমা ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । ছবি জগতৰ বাহিৰে ৰাজনীতি জগত খনৰ লগতো জড়িত হৈ পৰিছে অভিনেতা কমল হাছান ,তেওঁৰ ৰাজনীতি দলটো হৈছে মাক্কাল নিধী মায়াম(Makkal Needhi Maiam)

কমল হাছানে পদ্মশ্ৰী(১৯৯০), পদ্ম-ভূষন(২০১৪) বটাঁৰে সন্মাব কৰা হয় লগতে চেভেলিয়াৰ ফ্ৰান্স এৱাৰ্ড(২০১৬),আৰু অলপতে কালাইমামনি বটাঁ পাবলৈ সক্ষম হয় ।

আজি এইজনা বলিষ্ঠ অভিনেতা জনৰ ৬৪ সংখ্যক জন্মদিন উপলক্ষে চেণ্টিনেলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হ'ল ।

Next Story
চাকৰি