Begin typing your search above and press return to search.

হেপ্পী বাৰ্থ ডে' নাগিন ওৰফে মৌনি ৰয়

হেপ্পী বাৰ্থ ডে নাগিন ওৰফে মৌনি ৰয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Sep 2018 12:26 PM GMT

মোহময়ী অভিনেত্ৰী মৌনি ৰয়ৰ আজি ৩৪সংখ্যক জন্মদিন । সৰু পৰ্দাৰ পৰা অভিনয় আৰম্ভ কৰা মৌনি ৰয়ে ডাঙৰ পৰ্দাত অভিনয় কৰিবলৈ সক্ষম হৈছে । ১৯৮৪ চনৰ ২৮ ছেপ্তৰম্বৰত জন্ম লোৱা মৌনি এগৰাকী ভাৰতীয় ছবি আৰু টেলিভিছন জগতৰ সফল অভিনেত্ৰী আৰু মডেল ।

মৌনি 'দেৱ কা দেৱ মহাদেৱ' ধাৰাবাহিক খনত সতী আৰু 'নাগিন' ধাৰাবাহিক খনৰ শিৱান্যা আৰু শিৱাঙ্গী চৰিত্ৰটিৰ জৰিয়তে দৰ্শক মনত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।ইয়াৰোপৰি মৌনি 'ঝালক দিখলা জা'২০১৪ ৰ চূড়ান্ত প্ৰতিযোগী হিচাপেও অংশ গ্ৰহন কৰিছিল ।মৌনি এগৰাকী সুন্দৰ কঠক নৰ্তকী ।

Mouni Roy aka Naagin Shivanya

ইয়াৰ লগতে মৌনিক অলপতে বলীউদ জগত খনতো সুন্দৰ অভিনয়ৰে নিজৰ প্ৰতিভা বিকশিত কৰাৰ সক্ষম হৈছে।কিছুদিন পূৰ্ৱে মুক্তি পোৱা 'গোল্ড' ছবি খনত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিছে মৌনিয়ে,আনহাতে নতুনকৈ আহি থকা 'ব্ৰহ্মাৰাষ্ট্ৰ' ছবিতো মৌনিয়ে অভিনয় কৰাৰ সুবিধা লাভ কৰিছে ।কম সময়তে ইমান খিনি সাফল্য লাভ কৰা মৌনি ৰয়লৈ জন্মদিনৰ অশেষ শুভেচ্ছা ।

Akshay Kumar and Mouni Roy from Gold

Next Story
চাকৰি