হোজাইত দুজনক যাৱজীৱন কাৰাদণ্ড

হোজাইত দুজনক যাৱজীৱন কাৰাদণ্ড
Published on

২০১৫ চনৰ ১২ নম্বেৱৰত হোজাইৰ পূৱ ধনীৰাম পথাৰৰ এখন কালী পূজাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত, অনুষ্ঠানৰ সভাপতি মনা পালৰ হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্ত সুজিত দেৱ আৰু বিজু দেৱক শংকৰদেৱ নগৰস্থিত হোজাইৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালতে আজি যাৱজীৱন কাৰাদণ্ড বিহে |বিচাৰপতি এন এছ দেউৰীয়ে ১১ গৰাকী সাক্ষীৰ গ্ৰহণ কৰি এই ৰায় দান প্ৰদান কৰে ।

উক্ত ঘটনা সন্দৰ্ভত জানিৱ পৰা মতে,হোজাইৰ পূৱ ধনীৰামত ১২-১১-১৫ তাৰিখে নিশা ১০ মান বজাত কালী পূজাৰ সাংস্কৃতিক অনুষ্ঠান চলি থকা সময়ত দুই পাখণ্ড ক্ৰমে সুজিত দেৱ আৰু বিজু দেৱে চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰে ।পিছত মনা পালৰ পৰিয়ালে হোজাইৰ থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰ ভিত্তিতেই আজি বৃহস্পতি বাৰে অভিৱক্তা অমৰ জ্যোতি শইকীয়া আৰু বিশ্বজিত দাসৰ নেতৃত্বত হোজাই অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশ আদালতে দুই অপৰাধীক যাৱজীৱন কাৰাদণ্ড বিহাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে ।আনহাতে মনা পালৰ পৰিয়াললৈ এককালীন সাহায্য হিচাপে আইনৰ ফালৰ পৰা দুই লাখ টকা সাহায্যও হিচাপে প্ৰদান কৰা হৱ বুলি অভিৱক্তাই জানিব দিয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com