
অষ্টম দিনত ভৰি দিলে ১০৮ আৰু ১০২ কৰ্মচাৰীৰ প্ৰতিবাদী আন্দোলনে । জি.ভি.কে ই.এম.আৰ.আই. কৰ্মচাৰীয়ে সমূহীয়া মুণ্ডন কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । ২০১৭ চনৰ পৰাই কৰ্মচাৰী সকলৰ অনাদায় হৈ আছে ১৯ মাহৰ বকেয়া । বকেয়া ধন প্ৰদানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযাগ জি.ভি.কে ই.এম.আৰ.আই. কৰ্তৃপক্ষৰ বিৰুদ্ধে । লগতে কৰ্মচাৰী সকলক ১২ ঘণ্টাৰ বিপৰীতে ৮ ঘণ্টা কৰ্মসময় কৰাৰো দাবী জনাই আহিছে প্ৰতিবাদকাৰী সকলে । অষ্টম দিনাও চৰকাৰৰ কোনো গুৰুত্ব নোপোৱা প্ৰতিবাদকাৰী সকলৰ ওচৰত সহযোগ আগবঢ়াবলৈ আগবাঢ়ি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ৰাজ্যৰ বহু কেইটা দল সংগঠন ।