১০ ডিচেম্বৰ: চাওঁ আহক আজিৰ দিনটোৰ তাৎপৰ্য্য

বছৰৰ প্ৰত্যেকটো দিনেই একো একোটা বিশেষ কাৰণৰ কাৰণে তাৎপৰ্যপূৰ্ণ ৷ সেই দিনটোতে একো একোজন বিশেষ মহান ব্যক্তিৰ দেশ,সমাজ বা অন্যান্য যিকোনো ক্ষেত্ৰত অৱদানৰ কাৰণে সেই দিনটোক মনত ৰখা হয় উল্লেখযোগ্য হিচাপে ৷ আজি ১০ ডিচেম্বৰ ৷ আহক, আজিৰ এই দিনটোত সেই মহান ব্যক্তিসকলৰ অৱদানৰ সন্দৰ্ভে অলপ চকু ফুৰাওঁ ৷
১৮৩৫ চনৰ ১০ ডিচেম্বৰ অৰ্থাৎ আজিৰ এই দিনটোতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল ৷
১৮৯১ চনৰ আজিৰ এই দিনটোতে নবেল বিজয়ী ছুইডেনৰ মহিলা কবি আৰু নাট্যকৰ নেলী ছাখছৰ জন্ম হৈছিল ৷
১৯৩১ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা° ভূমিধৰ বৰ্মনৰ জন্ম হৈছিল ।
১৮৭৮ চনৰ এই দিনটোতে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ জন্ম হৈছিল।
১৯০১ চনৰ আজিৰ এই দিনটোতে জাৰ্মান পৰ্দাৰ্থ বিজ্ঞানী উইলহেম ৰন্টজেনলৈ পৰ্দাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হয় ৷উল্লেখ্য যে পৰ্দাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰা তেৱেই আছিল প্ৰথম ব্যক্তি ৷
২০০৬ চনৰ আজিৰ এই দিনটোতে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে আন ছজন মহাকাশচাৰীৰ সৈতে মহাকাশলৈ যাত্ৰা কৰিছিল ৷
উল্লেখ্য যে,১৯৭৯ চনৰ আজিৰ দিনটোতে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত প্ৰাণত্যাগ কৰিছিল খৰ্গেশ্বৰ তালুকদাৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল খৰ্গেশ্বৰ তালুকদাৰ ৷
১৮৯৬ চনৰ আজিৰ দিনটোত চুইডেছ ৰসায়নবিদ,অভিযন্ত্ৰা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আলফ্ৰেড ন’বেলৰ মৃত্যু হৈছিল ৷ ইফালে,আলফ্ৰেড ন’বেলৰ স্মৃতিতেই প্ৰদান কৰা হয় বিখ্যাত ন’বেল বঁটা ৷
আজি সমগ্ৰ পালন কৰা হয় শ্বহীদ দিৱস ৷ অসম আন্দোলনৰ আৰম্ভনি কালতে,১৯৭৯ চনৰ এই দিনটোত লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত প্ৰাণ আহুতি দিছিল খৰ্গেশ্বৰ তালুকদাৰে ৷
লগতে আজি মানৱ অধিকাৰ দিৱস আৰু
শক্তি সংৰক্ষণ দিৱস ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি