Begin typing your search above and press return to search.

১১বছৰীয়া শিশুৱে ৰক্ষা কৰিলে মাতৃ-পেহীয়েকৰ জীৱন

১১বছৰীয়া শিশুৱে ৰক্ষা কৰিলে মাতৃ-পেহীয়েকৰ জীৱন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Sep 2018 10:00 AM GMT

যোৱা ৫আগষ্টত অসমব্ৰহ্মপুত্ৰ নদীত সংঘটিত হোৱা ফেৰী দূৰ্ঘটনাত বহু লোকৰ জীৱন ৰক্ষা কৰে এগৰাকী ১১ বছৰীয়া কিশোৰে।

প্ৰায় ৪০জন মান যাত্ৰী কঢ়িয়াই নিয়া ফেৰী খনৰ ইঞ্জিনৰ বিজুতিৰ ফলত দূৰ্ঘটনা সংঘটিত হয়।এই ঘটনাত ৩জনকৈ লোকৰ সলিল সমাধি ঘটে আৰু লগতে বহু লোক সন্ধানহীন হৈ পৰে।এই ঘটনাৰ সময়তে এজন সাহসী ১১বছৰীয়া কিশোৰৰ সাহসিকতাৰ ফলত বহু লোকৰ জীৱন ৰক্ষা পৰে আৰু সমগ্ৰ ৰাজ্যই কিশোৰজনৰ সাহসিকতাৰ প্ৰশংসা কৰাৰ লগতে চৰ্চাৰ মাজলৈ আহিবলৈ সক্ষম হৈছে।

পঞ্চম শ্ৰেণীত অধ্যয়ন কৰা কমল কিশোৰ দাস নামৰ এই কিশোৰ জনে আইতাকক নিজৰ ঘৰত থৈ মাক আৰু পেহীয়েকৰ সৈতে উভতি অহা পথত ঘটনাটি সংঘটিত হয়।মাক আৰু পেহীয়েকৰ সৈতে সেই দূৰ্ঘটনাগ্ৰস্ত নাওঁখনতে উভতি আহিছিল কমল কিশোৰ।ঠিক সেই সময়তে ফেৰী খনৰ যান্ত্ৰিক বিজুটি ঘটে আৰু ইঞ্জিন বন্ধ হৈ অশ্বক্লান্তা মন্দিৰৰ সমীপত নিৰ্মান কাৰ্য্য চলি থকা খূটাত খুন্দা মাৰে যাৰ ফলত ফেৰী খন দূৰ্ঘটনাগ্ৰস্ত হয়।সেই সময়তে একো কথা চিন্তা নকৰি কমলৰ মাতৃয়ে কমলক সাঁতুৰি পাৰ হ'বলৈ কয়।

মাকৰ কথা মতে কমলে সাঁতুৰি পাৰলৈ আহে।পাৰলৈ আহি কমলে মাক আৰু পেহীয়েকক দেখা নোপোৱা হয় আৰু তেতিয়াই লগে লগে কমলে পানীত জাঁপ মাৰে আৰু সাঁতুৰি সাঁতুৰি দূৰ্ঘটনাগ্ৰস্ত হোৱা ফেৰী খনৰ ওচৰ পায়গে আৰু কমল মাক প্ৰায় পানীগ বুৰ গৈ থকা দেখা পায় আৰু তেতিয়াই সি সাঁতুৰি মাকক পাৰলৈ উঠাই আনি জীৱন ৰক্ষা কৰে আৰু ঠিক একেদৰে পেহীয়েকৰজীৱনো ৰক্ষা কৰি কমলে নিজৰ সাহসিকতাৰ পৰিচয় দিয়ে।

Next Story
চাকৰি