পৰ্যটক সকলৰ বাবে সু-খবৰ । ১২ অক্টোবৰৰ পৰা পৰ্যটকে উপভোগ কৰিব পাৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য ।
বিশ্ব বিখ্যাত অসম গৌৰৱ এশিঙীয়া গড়ঁৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ ১২ অক্টোবৰত মুকলি হ'ব বুলি জানিব পৰা গৈছে। প্ৰথম অৱস্থাত মুকলি কৰা হ'ব বাগৰি আৰু কঁহৰা ৰেঞ্জৰ দুৱাৰ।
পূৰ্বে ২ অক্টোবৰৰ দিনা কাজিৰঙাৰ দুৱাৰ মুকলি হোৱাৰ কথা আছিল যদিও বান আৰু বাট পথৰ দুৰৱস্থাৰ বাবে এতিয়াও দৰ্শকৰ বাবে সাজু হৈ উঠা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন।
প্ৰথম পৰ্য্যায়ত জীপ ছাফাৰী যোগে পৰ্যটকে উপভোগ কৰিব পাৰিব কাজিৰঙাৰ সৌন্দৰ্য ৷ পৰৱৰ্তী সময়ত হাতী চাফাৰী সেৱাও মুকলি কৰা হ'ব দৰ্শনাৰ্থীৰ বাবে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ বাবে প্ৰতি বছৰে দেশ-বিদেশৰ অনেক পৰ্যটকে ভিৰ কৰেহি । অহা ১০ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যানো ।