Begin typing your search above and press return to search.

১২ ফ্ৰেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা: থাকিব চি চি টিভি কেমেৰা

১২ ফ্ৰেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা: থাকিব চি চি টিভি কেমেৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Feb 2019 11:19 AM GMT

মংগলবাৰৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷ সম্প্ৰতি সাজু হৈছে পৰীক্ষাৰ্থীসকল ৷পৰীক্ষাৰ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি অধ্যক্ষ ড° দয়ানন্দ বৰগোহাঞিয়ে কয় যে ১২ তাৰিখৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷১৪ মাৰ্চলৈ চলিব এই পৰীক্ষা ৷ পৰীক্ষা অনুষ্ঠিত হ'ব ৰাজ্যৰ ৭৭২ টা পৰীক্ষাকেন্দ্ৰত৷ এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব ২,৪২,৮৪৩ গৰাকী পৰীক্ষাৰ্থী ৷ ইয়াৰে কলা শাখাত অৱতীৰ্ণ হ'ব ১,৮৬,১৮৭ গৰাকী৷ বিজ্ঞান শাখাত অৱতীৰ্ণ হ'ব ৩৭,৪৫৫ গৰাকী ।বাণিজ্য শাখাত অৱতীৰ্ণ হ'ব ১৮,২৯১ গৰাকী৷ বৃত্তিগত শাখাত অৱতীৰ্ণ হ'ব ৯১০ গৰাকী৷বৰপেটা জিলাত সৰ্বাধিক ১৫,৫৪২গৰাকী পৰীক্ষাৰ্থী ।পশ্চিম কাৰ্বি আংলঙত সৰ্বনিম্ন ১,১৩৩গৰাকী পৰীক্ষাৰ্থী ।সকলো ইলেকট্ৰনিক সামগ্ৰী নিয়াত বাধা আৰোপ কৰে ৷ পূৰ্বৰ তুলনাত বাদ দিয়া হৈছে ৬১ তা কেন্দ্ৰ। ২৫ স্পৰ্শকাতৰ কেন্দ্ৰত জামাৰৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰথমবাৰৰ বাবে H.S পৰীক্ষাত ব্যৱহৃত হ’ব জামাৰ ।

লগতে ডা° বৰগোঁহাঞিয়ে লগতে কয় যে পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতৰ সৃষ্টি নহয় তাৰ কাৰণে বিশেষ সুৰক্ষাৰ উপায় কৰা হ’ব। পৰীক্ষাৰ্থী সকলক মোবাইল ফোন,কেলকুলেটৰ আদিৰ দৰে ইলেক্টনিক সামগ্ৰীসমূহৰ লগত পৰীক্ষা গৃহত প্ৰবেশৰ উপৰত বাধা আৰোপ কৰিছে ৷দুষ্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সষ্টম অসম আৰক্ষী৷চাইবাৰ ক্ৰাইমৰ নিয়ন্ত্ৰণ ওপৰতো কটকটীয়া নিৰাপত্তা ব্যবস্থা৷

পৰীক্ষাহলত দুফালে দুটা চি চি কেমেৰা লগতে পৰীক্ষা কেন্দ্ৰৰ সন্মুখ, পিছফাল আৰু কাষতো কেমেৰাৰ সংযোগ কৰা হৈছে। ১৫ ৰ ২০ কি মি দূৰত্ব পৰা অহা অতিৰিক্ত ছাত্ৰ ছাত্ৰীৰ বাবে ২০ তাকৈ পৰীক্ষা কেন্দ্ৰ তেওঁলোকে ব্যৱস্থা কৰিছে৷ ৩৩ খন জিলাত ৩৩ জন পৰ্য্যবেক্ষকৰ লগতে পৰীক্ষা পৰিচালনা কৰিবৰ বাবে ৯২৪ জন নিৰীক্ষক নিয়োগ কৰা হৈছে।পৰীক্ষাৰ্থীয়ে 1 ঘণ্টাৰ পিছত ওলালে প্ৰশ্ন কাকতখন দি যাব লাগিব ।অন্যহাতে পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰৰ ভিতৰত ১৪৪ ধাৰা বাহাল থাকিব ৷বন্ধৰ কাৰণে যদি কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা গৃহীত উপস্থিত থাকিব নোৱাৰে ৷তেন্তে যি সংগঠনে বন্ধৰ আহ্বান কৰিছে তেওঁলোকে এই পৰিস্থিতিৰ কাৰণে দোষী হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি