Begin typing your search above and press return to search.

১৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাঃসাজু হৈছে পৰীক্ষাৰ্থী

১৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাঃসাজু হৈছে পৰীক্ষাৰ্থী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Feb 2019 1:15 PM GMT

১৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা৷ইতিমধ্যে সাজু হৈছে পৰীক্ষাৰ্থীসকল৷এইবাৰৰ পৰীক্ষাত ব্যৱহাৰ কৰিব লাগিব ক’লা চিয়াঁহী,উত্তৰ বহীত থাকিব বাৰক’ডা ৷লগতে বিশেষ সক্ষম লোকৰ পৰীক্ষাৰ্থীৰ বাবে এঘন্টা অতিৰিক্ত সময়৷

১৪ তাৰিখৰ পৰা মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা।

ছেবাৰ মুখ্য অধ্যক্ষ ৰমেশ চন্দ জৈনে সকলো পৰীক্ষাৰ্থী লৈ জনালে শুভেচ্ছা বাৰ্তা।

পৰীক্ষা অনুষ্ঠিত হ'ব ৰাজ্যৰ ৮৫৭ টা পৰীক্ষাকেন্দ্ৰত।

এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব ৩,৫২,১৪৩ গৰাকী পৰীক্ষাৰ্থী।

ইয়াৰে মেট্ৰিক পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ'ব ৩,৪৭,৭০২ গৰাকী।

হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ'ব ৯,৪৪১ গৰাকী।

পৰীক্ষা হলত থাকিব দুটাকৈ চি চি টিভি কেমেৰা।

পোহৰ বাবে থাকিব এল ই ডি লাইটৰ সুবিধা।

শাৰীৰিক বাধাগ্ৰস্ত পৰীক্ষাৰ্থীৰ বাবে থাকিব বিশেষ সুবিধা।

পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰৰ লৈকে ১৪৪ ধাৰা বাহাল থাকিব ।

দুস্কৃতিকাৰী যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি কৰিৱ নোৱাৰে তাৰ বাবে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি