Begin typing your search above and press return to search.
১৫ মে’ত মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব ১৫ মে’ত। পুৱা ৯ বজাৰ পৰা ফলাফল মোবাইল এপ,মোবাইল এচএমএচ,আৰু ছেবাৰ ১৩ টা ৱেবচাইটত উপলব্ধ হ’ব ৷ এই কথা ঘোষণা কৰে বৰ্ডৰ সচিব সুৰঞ্জনা সেনাপতিয়ে ৷অৱশ্যে উক্ত দিনা ১১ বজাতহে কেন্দ্ৰসমূহত ফলাফল আৰু মাৰ্কশ্বিট সম্বন্ধীয় তথ্য সমুহ খোলাৰ অনুমতি দিছে ৷
৮৫৭ টা পৰীক্ষা কেন্দ্ৰত প্ৰায় ৩,৫২,১৪৩ গৰাকী পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ইফালে যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ বহী সমূহ পুনৰ নিৰীক্ষণ কৰিব বিচাৰে তেওঁলোকে ফলাফল ঘোষণা হোৱাৰ ১৫ দিনৰ ভিতৰত ছেবাৰ অনলাইন পৰ্টেল গৈ আবেদন কৰিব পাৰে ৷
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি
Next Story