যোৱা বৃহস্পতিবাৰে গোলাঘাট টাউনত গোলাঘাট জিলা প্ৰশাসনিক বিভাগে ১৬.৬কুইণ্টল চালানি মাছ জব্দ কৰে। বজাৰত মাছ বিক্ৰী কৰাৰ পূৰ্ৱে পৰ্যবেক্ষণ কৰি লবলৈ গোলাঘাট জিলাৰ জিলা উপায়ুক্ত গৌৰৱ বথ্ৰাৰে মীন বিভাগৰ বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে।জানিব পৰা মতে পাইকাৰী বিভাগ অৰ্থাৎ বিক্ৰেতা সকলে ধনশিৰী কাকদুংগা নদীৰ চালানি মাছ বোৰক লোকেল হিচাপে বিক্ৰী কৰি আহিছে বুলি মীন বিভাগে অভিযোগ উত্থাপিত কৰিছে।পৰিদৰ্শক মনোজ বৰা আৰু উপ পৰিদৰ্শক মৃনাংক কৃষ্ণ গগৈয়ে নেতৃত্বত যোগান বিভাগৰ এটা দলে গোলাঘাটৰ মাছৰ বজাৰত অভিযান চলাই ২ কুইণ্টল ৬০কেজি চালানি মাছ খুচৰা ব্যৱসায়ৰ পৰা আৰু ১৪কুইণ্টল পাইকাৰী ব্যৱসায়ৰ পৰা জব্দ কৰে।
Begin typing your search above and press return to search.