Begin typing your search above and press return to search.

১৯৮৪ চনৰ শিখ হত্যাৰ অপৰাধত দোষী সাব্যস্ত হ'ল কংগ্ৰেছী নেতা সজ্জন কুমাৰ

১৯৮৪ চনৰ শিখ হত্যাৰ অপৰাধত দোষী সাব্যস্ত হল কংগ্ৰেছী নেতা সজ্জন কুমাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2018 9:44 AM GMT

অবশেষত বহু দিনৰ আশা-প্ৰত্যাশা, বিচাৰ-বিবেচনাৰ অন্তত কংগ্ৰেছী নেতা সজ্জন কুমাৰক ১৯৮৪ চনৰ ভয়াবহ শিখ হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰা হ'ল। ১৯৮৪ চনৰ শিখ হত্যাৰ ৩৪ বছৰ পিছত সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতাজনক বাকী থকা জীৱনৰ বাবে দোষী সাব্যস্ত কৰে। উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়াৰ ৰায়দানত কয় যে ১৯৮৪ চনত যি হৈছিল সেয়া মানবতাৰ বাবে এক ভয়াবহ অপৰাধ বা জঘণ্য দোষ। আৰু সেয়া চৰকাৰৰ ৰাজনৈতিক হস্তক্ষেপত আৰক্ষীৰ সহযোগত কৰা হৈছিল। দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছী নেতা সজ্জন কুমাৰ আৰু অন্য পাচজনক দোষী সাব্যস্ত কৰি কয় যে অপৰাধী কেইজনে দুটা দশকধৰি বিচাৰ প্ৰক্ৰিয়া আৰু শাস্তিৰ পৰা পলায়ণ কৰি আছিল। দিল্লী উচ্চ ন্যায়ালয়ে দিল্লী আৰু ইয়াৰ ওচৰে পাজৰে থকা অঞ্চল সমূহত ১৯৮৪ চনৰ নৱেম্বৰ মাহত সংঘটিত শিখ হত্যাৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াৰ চোৱা চিতা কৰি আছে। বিচাৰপতি এচ. মুৰুলিধৰ আৰু বিনোদ গোৱেলে সজ্জন কুমাৰক ৩১ ডিচেম্বৰৰ আগতে আত্মসমৰ্পন কৰিবলৈ কয় আৰু এই সময়ৰ ভিতৰত দিল্লী এৰি নাযাবলৈ নিৰ্দেশ প্ৰদান কৰে।

১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ছোৱাত দেশত জঘণ্য নৰহত্যা যজ্ঞ চলিছিল আৰু এই হত্যা যজ্ঞত শিখ, হিন্দু, মুছলমানৰ হাজাৰ হাজাৰ লোকক হত্যা কৰা হৈছিল।এই ঘটনাৰ ৩৭ বছৰ পিছত দেশে আন এক ভয়াবহ নৰমেধ যজ্ঞৰ সাক্ষী হৈছিল। কংগ্ৰেছৰ নেত্ৰী, ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীক দুজন শিখ দেহৰক্ষীয়ে হত্যা কৰাৰ পিছত দিল্লী আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চল সমূহত ২৭৩৩ জন শিখক নৃসংশ ভাবে হত্যা কৰা হৈছিল আৰু বহুতো শিখ লোকৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছিল। দিল্লীৰ লগতে দেশৰ অন্য প্ৰান্ততো হাজাৰ হাজাৰ শিখক হত্যা কৰা হৈছিল। দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে আজি ২০৩ পৃষ্ঠাজোৰা বিচাৰ পত্ৰত এই কথা উল্লেখ কৰে।

আদালতে কয় যে এই ক্ষেত্ৰত জড়িত বহু লোকে ৰাজনৈতিক প্ৰভাবৰ দ্বাৰা দায় সাৰিব যত্ন কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা সজ্জন কুমাৰক ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ভালেমান গোচৰত দোষী সাব্যস্ত কৰে। এই গোচৰৰ অধীনত হত্যা, উত্তেজক ভাষণ প্ৰদান আদিয়ে প্ৰধান। এই সমূহ অপৰাধৰ উপৰিও কুমাৰক আশ্ৰয় গৃহ জ্বলাই দিয়া আৰু ভগবানক উপাসনা কৰা গৃহ জ্বলাই দি এটা সম্প্ৰদায়ক ধৰ্মীয় ভাবে আঘাত দিবলৈ চেষ্টা কৰা আদি গোচৰো প্ৰধান। সজ্জন কুমাৰৰ লগতে দোষী সাব্যস্ত হোৱা আন পাচ জন লোক হল ক্ৰমে বলৱান খোকাৰ, মহেন্দ্ৰ যাদব, কৃষাণ খোকাৰ, গীৰধাৰি লাল আৰু বাঘমাল। এওঁলোকক একেটা পৰিয়ালৰ পাচজন শিখ হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছিল। এই লোক সকল হ'ল- কেহাৰ সিঙ, গুৰপ্ৰীত সিঙ, ৰঘুবেন্দ্ৰ সিঙ, নৰেন্দ্ৰ পাল সিঙ আৰু কুলদীপ সিঙ। বিচাৰত দিল্লী উচ্চ ন্যায়ালয়ে চিবিআইক অভিযোগ কাৰী পৰিয়ালৰ বিশ্বাস জয় কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি