১ এপ্ৰিলৰ পৰা মিজোৰাম সুৰা নিষিদ্ধ ৰাজ্য হিচাপে ঘোষণা

চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা মিজোৰামক সুৰা নিষিদ্ধ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে । মিজোৰাম সদনত সুৰা নিষিদ্ধ আইন ২০১৯ গৃহীত হোৱাৰ পাছত চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা মিজোৰাম সুৰা নিষিদ্ধ ৰাজ্য হিচাপে পৰিগণিত হব । ৰাজ্যখনত সুৰা সেৱন, তৈয়াৰ আৰু সুৰা বিক্ৰী নিষিদ্ধ কৰা হৈছে ৰাজ্য খনত ।
মিজোৰামত কংগ্ৰেছৰ চৰকাৰ ওফৰাই ২৬ আসনৰে মিত্ৰদল মিজো নেচনেল ফ্ৰন্ট দলে চৰকাৰ গঠন কৰাৰ পাছত বিধানসভাত সুৰা নিষিদ্ধ আইন খন উত্থাপন কৰিছিল আৰু সংখ্যা গৰিষ্ঠ সমৰ্থন লাভ কৰি আইন খন প্ৰনয়ন কৰা হোৱাৰ পৰিপ্ৰেক্ষিতত ১ এপ্ৰিলৰ পৰা মিজোৰাম সুৰা নিষিদ্ধ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে ।
ৰাজ্যৰ আবকাৰী আৰু নাৰক'টিক মন্ত্ৰী কে বেইচুৱাই বিল খন উত্থাপন কৰাৰ পাছত সদনত সংখ্যা গৰিষ্ঠ সমৰ্থন লাভ কৰে ।
বিল খন উত্থাপন কৰি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে,' সুৰা নিষিদ্ধ বিল খন গৃহীত হলে মিজোৰামৰ সমাজ জীৱনত যথেষ্ট প্ৰভাৱ পৰিব। অনাকাংক্ষিত মৃত্যু, দুৰ্ঘটনা আৰু যুৱ প্ৰজন্ম বিপথে পৰিচালিত হোৱা আদি ঘটনা সমূহ যথেষ্ট হ্ৰাস পাব বুলি প্ৰকাশ কৰে ।
জেদ পি এমৰ বিধায়ক ৱানলালথালানায়ে প্ৰকাশ কৰে যে শেহতীয়াকৈ বিহাৰত সুৰা নিষিদ্ধ কৰা হৈছে আৰু সুৰা নিষিদ্ধ ঘোষণা কৰাৰ লগে লগে ৰাজ্যত অপৰাধ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । বিহাৰত সুৰা নিষিদ্ধ ঘোষণা কৰাৰ লগে লগে ৰাজ্য খনত ১৩ শতাংশ নাৰীজনিত অপৰাধ হ্ৰাস পাইছে বুলি প্ৰকাশ কৰে ।
যোৱা বছৰ মিজোৰাম বিধানসভাত এম এন পিয়ে সুৰা নিষিদ্ধ ৰাজ্য হিচাপে ঘোষণা কৰাৰ প্ৰসংগত দিয়া প্ৰস্তাৱত কংগ্ৰেছ বিৰোধীতা কৰিছিল । বিজেপিয়ে সমৰ্থন আগবঢ়াইছিল । গীৰ্জাৰ সদস্য সকলে ৰাজ্য খনত সুৰা নিষিদ্ধ ৰাজ্য হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত নিৰ্বাচনৰ সময়ত বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল ।
১৯৯৭ ৰ পৰা ২০১৫ চনৰ ভিতৰত মিজোৰাম সুৰা নিষিদ্ধ ৰাজ্য আছিল । কংগ্ৰেছ শাসনলৈ অহাৰ পাছত সুৰাৰ প্ৰচলন পুনৰ আৰম্ভ হোৱাৰ ফলত খ্ৰীষ্টান লোক সকলৰ মাজত যথেষ্ট অসুবিধা সন্মুখীন হয় ।
এম এন এফ চৰকাৰ শক্তিলৈ অহাৰ পিছত মিজোৰাম সুৰা নিষিদ্ধ ৰাজ্য হিচাপে ঘোষণা কৰে । চৰকাৰে সুৰা বিক্ৰী নিষিদ্ধ কৰাৰ লগতে ইতিমধ্যে ৯ খন সুৰা বিপনী বন্ধ কৰা হৈছে ।
অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি